কলাগুৰু-অবিনাশ বড়া

Rinku Rajowar
0
আহিছিলাহে ! হ'লেই নে যাবৰ ?
যৌৱনৰ বিয়লি বেলিকা 
খন্তেক জিৰাই শুণি যোৱা প্ৰকৃতিৰ বিনন্দীয়া সুৰ 
তুমি যাবৰ পৰত 
আমি সাৰে আছো , সাৰে আছে ধৰা ধৰণী |
জনতাৰ চকু চকুৰ পানীৰে পূৰ 
আজি সসশ্ৰ গায়কৰ কণ্ঠৰুদ্ধ !
সসশ্ৰ লেখকৰ কলম স্তব্ধ ! 
এটি যুগজয়ী শিল্পৰ অপমৃত্যু 
তুমিয়েই কলাগুৰু |
নিজান আজি বিহুৰ তলী.....
নিজান আজি বড়ো গাভৰুৰ .....
পাহাৰী কলিজাৰ কলিয়া যৌৱন |
ভোকাতুৰ আজি জনতাৰ হৃদয় |
তোমাৰ কালজয়ী কিৰণে উৰুৱাই 
বিশ্ব দৰবাৰত বিশ্ব বিজয়ী নিচান |
সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠিয়া সিঁচি ৰোলা তুমি জ্ঞানৰ বটবৃক্ষ |
তোমাৰ সৃষ্টিত প্ৰজ্বোলিত হয় 
জাতীয় চেতনাৰ উদ্বিগ্ন দাবানল |
জাতি গঢ়োতা ,
দেশ গঢ়োতা ,
অক্লান্ত শিল্পী তুমি 
তুমিয়েই জনতাৰ শিল্পী 
এটি চিনাকী নাম ,
কলাগুৰু তুমি 
বিষ্ণু ৰাভা |

✍️ অবিনাশ বড়া
       যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)