বিশ্ব পৰিৱেশ দিৱস-হেমেন হাজৰিকা

©Admin
0
 
মানুহ , জীৱ , জন্তু , বিভিন্ন প্রকাৰৰ উদ্ভিদ আৰু অন্যান্য ক্ষদ্ৰাতিক্ষুদ্ৰ জীৱ সমূহৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ ব্যাহিক কাৰকে প্রভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকত সেইবোৰ ঘটে এই আটাইবোৰকে একেলগে পৰিৱেশ বোলা হয়।
       পৰিৱেশ সংৰক্ষন অধিনিয়ম অনুযায়ী দিয়া সংজ্ঞা মতে ,মাটি , বায়ু , পানী আৰু যিবোৰৰ মাজত থকা সম্পৰ্ক তথা মানুহ , অন্যান্য জীৱ জন্তু , প্রাণী , উদ্ভিদ আদি আৰু বিভিন্ন প্রকাৰৰ সম্পদৰ সমষ্টিক পৰিৱেশ বুলি কোৱা হয়।
      মানুহ জীৱ-জন্তু , চৰাই-চিৰিকতি , জলচৰ প্রাণী , উভচৰ প্রাণী , সৰাসৃপ , কীট-পটঙ্গ , নিম্ন স্তৰৰ আন আন এককোষী বা বহুকোষী জীৱ তথা সৰু বৰ বিভিন্ন প্রকাৰৰ উদ্ভিদবোৰেই হৈছে পৰিৱেশৰ জৈৱিক কাৰক। আনহাতে বায়ু , মাটি , পানী , উষ্ণতা , বৰষুণ, বতৰ , জলবায়ু আদি বহুতো জীৱহীন কাৰকে পৰিৱেশ নিয়ন্ত্ৰণ কৰে , সেইবোৰক জীৱহীন অজৈৱ কাৰক বোলে।
     প্রকৃতিৰ অম্লানবদনে আমাৰ বাবে এক সুন্দৰ-নিৰ্মল পৰিৱেশ আমাক প্রদান কৰিছিল | কিন্তু আমি তাক আজিৰ দিনটোত কিহলৈ পৰিৱৰ্তিত কৰিছোঁ তাক দোহাৰাৰ নিস্প্ৰয়োজন  ইয়াৰ ফলত চৰকাৰে পৰিৱেশ সংৰক্ষনৰ কাৰণে আইন প্রস্তুত কৰিব লগা হৈছে | গতিকে ভাৰতৰ সংবিধানৰ ব্যৱস্থা অনুযায়ী পৰিৱেশ সংৰক্ষণ সম্পৰ্কে ভাৰত চৰকাৰে কেইবাখনো আইন প্রনয়ণ কৰিছে আৰু সেই আইনৰ ভিত্তিত বিভিন্ন কাৰ্যপন্থা হাতত ল'ব লগা হৈছে |
    সুস্থ পৰিৱেশ গঢ়ি তোলা আৰু পৰিৱেশ প্রদুষণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে অকল চৰকাৰী প্রচেষ্টাই যথেষ্ট নহয় | এই ক্ষেত্ৰত প্রতিজন ব্যক্তিৰে কৰণীয় আছে | কাৰণ ব্যক্তি ভালেই সমাজ ভাল আৰু সমাজ ভালেই দেশ ভাল | ভাৰত চৰকাৰে সম্প্ৰতি বিভিন্ন সমাজ হিতকৰ কামত জড়িত স্বেচ্ছাসেৱী সংস্থাবোৰৰ কাম কাজত উদগনি দিবলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে | পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত স্বয়ংসেৱী সংস্থাবোৰে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সেৱা আগবঢ়ায় |
    প্রদূষণ সৃষ্টি কৰা পৰিৱেশ অৱনতিৰ ফলত আজি সমগ্র বিশ্ব অসুস্থ | এই অসুস্থতাই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত জীৱ, জন্তু , বায়ু , পানী আৰু মাটিৰ লগত থকা নিবিড় সম্পৰ্কৰ মাজত সংঘাটৰ সৃষ্টি হৈছে | এই সংঘাটৰ ফলত বহুতো জীৱৰ জীৱন বিপন্ন হোৱাই নহয় ই মানুহৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে | সম্প্ৰতি পৰিৱেশৰ অৱনতিয়ে মানুহৰ জীৱনলৈ এনে বিধ্বংসৰ আগজাননী দিছে যিয়ে সমগ্ৰ পৃথিৱী বিপন্ন কৰি তুলিছে | পৃথিৱীৰ বতৰ চক্ৰৰ পৰিৱৰ্তন , গোলকীয় উষ্ণতা বৃদ্ধি , অম্ল বৃষ্টি , অনাবৃষ্টি , অতিবৃষ্টি বিভিন্ন দুৰাৰোগ্য ৰোগ , ইত্যাদিৰ প্ৰাদুৰ্ভাবৰ কাৰণো পৰিৱেশ অবনতিৰেই কাৰণ | বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে বিভিন্ন প্রকাৰৰ কেঞ্চাৰ অন্যতম কাৰণ |
     পৰিৱেশ অৱনতিৰ সমস্যা আজি একক সমস্যা হৈ থকা নাই | এই সমস্যা গোলকীয় স্বৰূপৰ Global nature of environment problems কিয়নো কোনো দূৰ দেশত উদ্যোগ প্রধান অঞ্চলত প্রদূষিত বায়ুমণ্ডলেও কালক্ৰমত আন দেশত গৈ অম্লবৃষ্টি কৰাৰ ঘটনা ঘটাৰ নজিৰ আছে |
   বিজ্ঞানী সকলৰ মতে উদ্যোগ আদিয়ে পৰিৱেশ প্রদূষিত কৰাতকৈ বৰ্ধিত জনসংখ্যাইহে ইয়াৰ বেছি গুৰুত্বৰ কাৰক হৈ পৰিছে | ৫% জনসংখ্যা বৃদ্ধিয়ে ২% অতিৰিক্ত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে পৰিবেশলৈ | এই জনসংখ্যা বৃদ্ধিৰ ফলক মানুহে ত্যাগ কৰা কাৰ্বন ডাই অক্সাইডৰ লগতে যান বাহনেও অধিক পৰিবেশ প্রদূষণ কৰে | চীন দেশত প্রদূষণৰ সমস্যাই ভয়ংকৰ ৰূপত গা কৰি উঠিছে বুলি সমীক্ষাত প্রকাশ পাইছে | বিজ্ঞানী সকলে প্রকাশ কৰিছে যে চীন দেশৰ বায়ুত ২০২০ চনলৈ ৩.৯% কাৰ্বন বৃদ্ধি পাব বুলি আশংকা কৰা হৈছিল | ইতিমধ্যে পৃথিৱীৰ পাঁচটা বছৰৰ ভিতৰত ৯% কাৰ্বন বায়ুমণ্ডলত বৃদ্ধি পাইছে |
  পৃথিৱীৰ ভিতৰত অধিক কাৰ্বন নিৰ্গত হোৱা দেশৰ তালিকাত চীন , ৰাছিয়া , জাপান , আমেৰিকাৰ লগতে আমাপ ভাৰতবৰ্ষও আছে | আমেৰিকাই ২৫৩ মিলিয়ন মেট্ৰিকটন কাৰ্বন উৎপন্ন  কৰি বায়ুমণ্ডলত ১.৩% কাৰ্বন বৃদ্ধি কৰিছে | ভৰতবৰ্ষত কাৰ্বন নিৰ্গত হৈ পৰিবেশৰ অৱনতি হোৱাৰ কাৰণ হ'ল বৰ্ধিত জনসংখ্যা আৰু দৰিদ্রতা | অৰ্থনৈতিক অনগ্রসৰতা তথা বৰ্ধিত জনসংখ্যাৰ ফলত এচামে ভূমি , খাদ্য , শস্য , পানীৰ নাটনিৰ সন্মুখীন হৈ ধ্বংস কৰিছে বনানঞ্চল | সেয়ে ১৯৭২ চনতেই ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় আলোচনা চক্ৰত ইন্দিৰা গান্ধীয়ে কৈছিল "Proverty is the biggest pollution". আনহাতে সাধাৰণ ভাবেই দেখা যায় যে কাঠ পেঞ্চিলৰ পৰা অত্যৱশ্যকীয় প্রায় আনুমানিক ৫০০০ হাজাৰমান ভিন্ন প্রকাৰৰ সামগ্রী তৈয়াৰ কৰা হয় কাঠৰ পৰা | এই কাঠৰ সামগ্রী তৈয়াৰ কৰা হয় কাঠৰ পৰা | এই কাঠৰ সামগ্রীবোৰৰ বেছি অংশই মহিলাই ব্যৱহাৰ কৰে | মহিলা সকলৰ ৰান্ধনি শালৰ চৌকাটোও বননিৰ ওপৰত নিৰ্ভৰশীল | বনানঞ্চলবোৰ ঔদ্যোগিক ব্যৱহাৰতকৈ সাধাৰণ ভাবেই বিভিন্ন প্রকাৰৰ কাঠৰ সামগ্রী উৎপাদন ব্যৱহাৰ কৰাৰ ফলত অধিক ধ্বংস হৈছে |
      সমগ্র বিশ্বক পৰিৱেশ প্রদূষণৰ পৰা মুক্ত ক'ৰাবলৈ হ'লে কেৱল আমি লিখি,বা কৈ থাকিলে নহ'ব | হাতে কামে লাগিব লাগিব | আঁহক আমি আজি ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ দিনাই সেই সংকল্প লওঁ   |

         ✍️হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)