জন্ম হৈয়ে মাক হেৰুৱালো
নাপালো মাৰ মৰম।
পিতৃৰ কথানো আৰু কি কম?দ্বিতীয় বিবাহ কৰি মোক পাহৰিলে
নাপালো পিতৃৰো মৰম।
মৰমৰ কথানো আৰু কি কম?
মৰমৰ নামত পালো মাহীমাৰ অত্যাচাৰ দিলে পৰিচয় বনকৰা ঘৰৰ।
সখীৰ সান্নিধ্য কি মোক নুসুধিবা
নিসংগতাই সখী মোৰ জীৱনৰ।
দুহাত মেলি মাগিছো ভিক্ষা
দিয়াহি অকণমান মৰম সান্নিধ্যতা।
✍️ সীমা বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ