আমতী (কৃষিভিত্তিক উৎসৱ) -সবিতা দাস

Rinku Rajowar
0
আমতী মানে বৰষুণত তিতি কাপোৰ ধোৱা ,ফলমূল খোৱাৰ  এক অনাবিল আনন্দ । এসপ্তাহৰ আগৰপৰাই ফলমূল (আম,জাম ,কঁঠাল,প্লাম,মাকৈ ,তিয়হ,পনিয়ল,লেটেকু আদি) যোগাৰ কৰাত সকলো ব্যস্ত ।আহাৰ মাহৰ দ্বিতীয় সপ্তাহত বসুমতী ঋতুমতী হয় বুলি জনসমাজত বিশ্বাস আছে  । বসুমতী ঋতুমতী হোৱাৰ পৰা পাঁচদিনলৈ হাল -বোৱা , মাটি কটা ,মন্দিৰ যোৱা,চাকি -ধূপ-ধূনা জ্বলোৱা নিষেধ । পান ,জলকীয়া আদিও চিঙিব নাপায় । বেছিকৈ ব্যৱহাৰ নকৰা কাপোৰ-কানি ধুই বেলেগকৈ থৈ দিয়া হয় । সৰু ল'ৰা -ছোৱালীয়ে নাজানি সেই কাপোৰবোৰ চুব বুলি সিহঁতক তাত আমতী বুঢ়ী থকা বুলি  মিচাতে ভয় খোৱাবলৈ কোৱা হয় । সিহঁতেও ভয়তে সেই ঠাইলৈ নাযায় ।
    
                  আমতীৰ দিনা শাক -পাচলিৰ বাৰীখনত আৰু ঘৰৰ চাৰিওফালে জকৰা বা পইতা ভাত ছটিয়াই দিয়া হয় । কাৰণ জকৰা বা পইতা ভাত ছটিয়ালে জোক নহয় ।এইটো এটা লোকবিশ্বাস । এই দিনটোত কাপোৰ -কানি পৰা আদি কৰি ঘৰৰ সমস্ত কাম হোৱাৰ পিছত গা ধুই ঘৰ-চোতালত সোণা-ৰূপা (দুবৰিবন,গাখীৰ,পানী,তিল,চাউল,সোণ ,ৰূপ) পানী ছটিওৱাটো  এটা নিয়ম । এনে কৰিলেহে ঘৰখন শুদ্ধি হোৱা বুলি জনসমাজে বিশ্বাস কৰে ।আমতীৰ দিনা দিনত ভাত খোৱা নহয় ,ফলমূল,বোকাচাউল(কোমল চাউল) আদিহে খোৱা হয় ।

           বসুমতীৰ লগত বৰষুণৰ ওত:পোত সম্পৰ্ক আছে । আমতীৰ দিনা বৰষুণ জাক নাহিলে কিবা উকা উকা লাগে ।সৰু থাকোঁতে বৰষুণত তিতি কাপোৰ ধুব নৈলৈ গৈছিলোঁ । কাপোৰ ধোৱা হোৱা পিছত নৈতে গা ধুইছিলোঁ ।  আমতীৰ সময়ছোৱাত নৈৰ দুটি পাৰ পানীৰে উপচি থাকে ।এতিয়া নৈলৈও যোৱা নহয় গা ধোৱাও নহয় । সময়ৰ লগে লগে আমিও সলনি হ'লো । লাহে লাহে নীতি- নিয়মবোৰ শিথিল হ'ল ।

               আগতে আমতী বুলি ক'লে যি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছিল ,সেই আনন্দ যেন এতিয়া কৰবাত হেৰাই থাকিল । আগতে আহাৰৰ পহিলাত নেৰানেপেৰা বৰষুণ হয় আৰু এই তিনি চাৰিদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণজাকক আমতীৰ শাঠ লগা বুলি কোৱা হয় । চাৰিওফালে পানী আৰু পানী । কিন্তু এতিয়া প্রকৃতিৰ সেই বৰষুণ জাকো  নাই । যি দুই এজাক আহে পলকতে শেষ হয় । আগতে বৰষুণৰ ফলত চোতাল -কাথি(বাৰাণ্ডা)ত চেলু(শেলুৱৈ) ধৰিছিল । 
    
               আমতী চহাজীৱনৰ লগত অগাংগীভাৱে জড়িত ।ই এক কৃষিভিত্তিক বাৰ্ষিক উৎসৱ ।প্রতিবছৰে আহাৰ মাহত এই উৎসৱ পালন কৰা হয় ।খেতিৰ আৰম্ভণিতেই এই উৎসৱ উদযাপিত হয় । আমতী যোৱাৰ পিছতে খেতিসকল খেতিপথাৰত ব্যস্ত হৈ পৰে । 

             
  ✍️সবিতা দাস
      মিৰ্জা (কামৰূপ)
            
                           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)