বিমানৰ বিয়া-অঞ্জন আকাশ

Rinku Rajowar
0
বিয়াখন সুকলমে হৈ গ'ল যদিও বিয়াখন আধৰুৱা যেন লাগিল ৷ মনে বিচৰা কইনাৰ সলনি আন পছন্দৰ ছোৱালীৰ সৈতে বিমানে বিয়াত বহি সুখ অনুভৱ নকৰিলে ৷ বিমান মোৰ বন্ধু ৷ মই তাৰ সকলো কথাই জানো ৷ মন পছন্দৰ ছোৱালীজনীক ৰভাৰ তলিত নেদেখি সি মনত বৰ দুখ পালে ৷ তথাপিও সি ঘৰৰ মানুহৰ পছন্দ অনুসৰিয়েই বিয়া কৰালে ৷ আচলতে আমাৰ সমাজখনেই এনেকুৱা ৷ 
      বিমান সিহঁতৰ ঘৰখনৰ দ্বিতীয় পুত্ৰ ৷ মাক দেউতাক আৰু ককায়েকৰ পৰিয়ালৰ সৈতে সিহঁতৰ পৰিয়ালটো এটা যৌথ পৰিয়াল ৷ গাঁৱলীয়া বেংক এটাত বিমানে চাকৰি কৰে ৷ কিছুদিন আগতে তাৰ বিয়াৰ কথা চলিছিল ৷ বিয়া বুলিবলৈ সিহঁতৰ ঘৰৰ বিমানৰ বিয়াখনেই শেষ বিয়া ৷ কথাটো বিমানক দ্বিতীয় দিনাহে  জনালে ৷ বিয়াৰ কথা শুনি বিমানে কিছু সময় আচৰিত হৈ ৰ’ল আৰু লাহে লাহে চিন্তায়েও হেচি ধৰিলে ৷ ওচৰৰে গাওঁ এখনৰ সিহঁতৰ তুলনাত নিম্ন জাতিৰ ছোৱালী এজনীক মনে প্রাণে  ভাল পায় সি ৷ তাৰ এই মনোভাৱ সিহঁতৰ ঘৰৰ মানুহৰ আগত ব্যক্ত কৰে কেনেকৈ? 
       ইপিনে বিমানৰ দেউতাকে তাৰ বাবে উপযুক্ত ছোৱালী এজনী মনতে ভাবি ৰাখিছে ৷ বিমানে নিজৰ প্ৰিয়তমাক হেৰুৱাৰ ভয়ত দেউতাকৰ আগত নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিলে ৷
কথাটো শুনি দেউতাকৰ চকু থিয় হ'ল ৷ পৰিয়ালৰ সকলোৱে এই কথা জানিলে ৷ বিমান মোৰ অন্তৰংগ বন্ধু সেয়ে তাৰ লগত হোৱা সকলোবোৰ কথাই সি মোক কৈছিল আৰু তাৰ আন এজনী ছোৱালীৰ লগত যে ঘৰৰ মানুহে বিয়াৰ যো-জা কৰিছে তাকো কৈছিল ৷ কিন্তু দেউতাকে সমাজৰ নীতি নিয়ম দোহাই নিজৰ সন্মান ৰক্ষা কৰিবলৈ বিমানক তাৰ ভালপোৱা ছোৱালী জনীক পাহৰিবলৈ কৈছিল ৷ দেউতাকে পছন্দ কৰা ছোৱালী জনীয়ে তেওঁৰ বোৱাৰী হ'ব লাগিব বুলি শেষ ইচ্ছা প্ৰকাশ কৰিলে ৷ বিমানে নিজৰ ভালপোৱা ত্যাগ কৰি ঘৰৰ আৰু সমাজৰ কিছুমান পৰম্পৰাৰ বান্ধোনত আৱদ্ধ হ'ব লগা হ'ল ৷


  ✍️অঞ্জন আকাশ 
  নলবাৰী
  নলবাৰী মহাবিদ্যালয়, পদাৰ্থ বিজ্ঞান বিভাগ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)