জেলৰ ভাত~অণুগল্প-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
অতিৰিক্ত মদ্যপান কৰি জীৱনে মৃত্যু বৰণ কৰাৰ পিছত “ৰণচলী মহিলা সন্থা”ই সমস্ত মদৰ দোকান সমূহ ভাঙি চিঙি চূৰমাৰ কৰিলে ! তেনেতে এজন মদৰ দোকানীয়ে আহি কলেহি --- 
     “ বাইদেউসকল মোৰ ভুল হ’লে মোক ক্ষমা কৰিব , তথাপিও মই কওঁ--- আমাৰ দোকানবোৰ বন্ধ কৰি একো লাভ নাই ৷ প্ৰথমে চৰকাৰক মদৰ দোকান খোলাৰ পাৰ্মিচন দিয়াটো বন্ধ কৰিবলৈ কওঁক তাৰ পিছত নিজৰ মতা মানুহ কেইজনক মদ খোৱা বন্ধ কৰাওঁক , সেয়ে হ'লে মদৰ দোকান আপোনা-আপুনি বন্ধ হৈ যাব ৷ তাৰ বিপৰীতে এনেকৈ বন্ধ কৰিলে দোকানবোৰ কাইলৈকে আকৌ গঢ়ি উঠিব আৰু ইয়াৰ দোষত আপোনালোকেহে জেলৰ ভাত খাব লগা হ’ব পাৰে .....” 
      দোকানী ল’ৰাজনৰ কথাখিনিয়ে ৰণচলীৰ মহিলাসকলৰ চকু মেল খোৱালে ....সিহঁতে কেতিয়াও জেলৰ ভাত নাখায় .....

✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাঁও 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)