বন্ধৰ সময়খিনিত কিতাপৰ প্ৰয়োজনীয়তা-অভিজিত মজুমদাৰ

©Admin
0
ভালদৰে চাবলৈ গলে বন্ধৰ সময়খিনি ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাল বুলি ক'ব পাৰি।যদিও মহামাৰীৰ বাবে নিজকে ঘৰতে আবদ্ধ কৰিব লগা হৈছে , তাৰ পিছতো নিজকে মানসিক ভাবে সুস্থ কৰি ৰখাটো খুবেই জৰুৰী। মানসিক ভাবে সুস্থ হৈ থাকিবৰ বাবে কিতাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 
পোন প্ৰথমে শিশু সকলৰ কথা ক'ব লৈছোঁ। এই বন্ধৰ সময়ত অভিভাৱক সকলে শিশুটিৰ হাতৰ আখৰ,আচাৰ ব্যৱহাৰ আদিৰ ওপৰত গুৰুত্ব দিবলৈ যথেষ্ট সময় পাইছে। তাৰোপৰি শিশু সকলৰ বাবে শিশুৰ বাবে উপযোগী ছবি থকা সাধুৰ কিতাপ,শিশুৱে বুজি পোৱা গল্পৰ কিতাপ আনি অভিভাৱকে বুজাই দিলে শিশু সকলে সুন্দৰকৈ সময় কটোৱাৰ উপৰিও বহু খিনি কথা শিকিব পাৰিব বুলি ভাবো। কিতাপবোৰ কেনেকৈ আনিব পাৰি শেষত কম বাৰু এবাৰ।
দ্বিতীয়তে,স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে এই বন্ধৰ সময়ত নিজকে আকৌ এবাৰ পৰীক্ষা কৰি চাব পাৰে যে সি/তাই সেই শ্ৰেণীটোৰ বাবে উপযুক্ত হৈছে নে নাই। অৰ্থাৎ ধৰি লোৱা, তুমি অষ্টম শ্ৰেণীত পঢ়ি আছা,গতিকে তুমি সপ্তম শ্ৰেণীৰ সকলো খিনি জ্ঞান আহৰণ কৰিব পাৰিছানে নাই এবাৰ পৰীক্ষা কৰি লোৱা যাতে কোনো ধৰণৰ জ্ঞান ৰৈ নাযায়। সেইবাবে সপ্তম মানৰ কিতাপ কেইখন আকৌ এবাৰ চাই নিজকে উপযুক্ত কৰি তোলা। যাৰ ফলত ভৱিষ্যতে তুমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱা।। সকলো শ্ৰেণীৰ বাবে এই প্ৰথাটো ব্যৱহাৰ কৰিব পাৰা।
ইয়াৰ উপৰিও গ্ৰন্থ প্ৰেমী সকলৰ বাবে এই বন্ধৰ সময় খিনি সঁচাকৈয়ে ভাল বুলি কব লাগিব। বহু সংখ্যক লোকে  কিতাপ পঢ়িবৰ বাবে নিজৰ সময় উলিয়াব নোৱাৰা লোকসকলে মন পছন্দৰ কিতাপ খিনি পঢ়িব পাৰিছে। বৰ্তমান বহু কেইজন নতুন লেখক আহিছে,যাৰ কিতাপ পঢ়ি নৱ প্ৰজন্মই বহুত ভাল পাইছে। আজিকালি কিতাপ বোৰ ঘৰত থাকিয়েই অৰ্ডাৰ কৰিব পৰা হৈছে। বহু কেইটা প্ৰকাশনে ঘৰত ডেলিভাৰী কৰাৰ ব্যৱস্থাও কৰিছে। গুগলত চালে বহু কেইটা প্ৰকাশনৰ ফোন নম্বৰ সহ সকলো খিনি কথা জানিব পাৰিব। 

      কিছুদিন আগত চৰকাৰে এটি ঘোষণা কৰিছে যে অতি সোনকালে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হব। এই খবৰটোৰ বাবে নিজকে সাজু কৰিম বুলি ভবা সকলে ঘৰতে থাকি অনুশীলন আৰম্ভ কৰিব পাৰে। প্ৰতিযোগিতামূলক কিতাপ আনি ঘৰতে পঢ়া আৰম্ভ কৰিব পাৰে। লগতে আজিকালি ইউটিউবটো বহু খিনি শিকিব পৰা তথ্য আছে বুলি ভাবো।। এই বন্ধৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰি এটি চাকৰিৰ বাবে নিজকে উপযুক্ত কৰি তুলিব পাৰে।। 
      বন্ধৰ সময়খিনি সঁচাকৈয়ে আমি সদব্যৱহাৰ কৰি বহু খিনি জ্ঞান আহৰণ কৰিব পাৰোঁ।

✍️অভিজিত মজুমদাৰ ( অংকু)
ঈগল্ এডুকেশ্বন, গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)