লিমাৰিক-ব্ৰহ্মদেৱ গোস্বামী

               (১)
ৰামেশ্বৰৰ মনটো একেবাৰে বেয়া
দুমাহেই হ'ল ঘৈণীয়েক গুচি যোৱা
ক'ৰণাই কাল হ'ল
উপাৰ্জন স্তব্ধ হ'ল
কিমাননো খাই থাকিব কচু, ঢেঁ‌কীয়া। 

               (২)
কথমপি খাই আছে হাল কোৰ বাই
আন একো উপাৰ্জন বুলিবলৈ নাই
বয় বস্তুৰ দাম যি
কিনেনো কেনেকৈ সি 
ঘৈণীয়েকো গ'লগৈ মিঠাতেল নাপায়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send