নৈৰ পাৰৰ খিৰিকীখন খুলি দিলোঁ ,
নৈখনে গুণ গুনালে খিৰিকিখন মই মেলি দিওঁ।
বহুদিন হ'ল আর্চিত নিজৰ মুখখন চোৱা,
সিদিনা হঠাৎ স্মৃতিবোৰে ধৰা দিছিল আর্চিখনত।
থকা সৰকা হাতখন আগবঢ়াই দিছিলোঁ ,
কল্পিত অতীতবোৰক সাৱটি ধৰিবলৈ।
পিছে , মনত পৰিল কবিতাটো যে আধৰুৱা হৈয়ে থাকিল ।
সেয়ে আজি লিখিব ওলাইছোঁ...
কি লিখিম ভাবিকে পোৱা নাই ।
পাতনিতে দেখোন কিবা আউল লাগি গ'ল ,
এৰা , লিখাৰ মানসিকতাই নোহোৱা হ'ল ।
সাগৰিকা ,
কথা এটা কওঁ
ভাষাবোৰ হেৰাই যাওঁতে কেতিয়াবা তোমাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল নে ?
তেতিয়া , শুনিছিলা নে ? কাৰোবাৰ আপ্লুত হৃদয়ৰ প্ৰতিধ্বনি?
তুমি সৃষ্টিত সুৰ হ'লা ,
এয়া গাবলৈ বিচাৰিছো 'তোমাৰ গান'।
পিছে , নৈখন গুণগুনালে গৰখীয়া ল'ৰা জাকে, কিৰিলি পাৰি মুখে মুখে গান জুৰে।
মই সিহঁতৰ ভাঁহি অহা সুৰবোৰ শুনি থমকি ৰওঁ,
ভাবি চাওঁ , গানবোৰ এতিয়া অকল মোৰেই হৈ থকানাই ।
সাগৰিকা ,
তুমি হয়তো বুজিছা, বুকুখনত দুখবোৰ ভৰি ৰ'লে,
হৃদয়ত উদ্ভাসিত হয় প্ৰাচীৰবোৰ ।
তথাপিতো হেঁপাহৰ ঘৰখন সজাব বিচাৰিছোঁ ।
সাগৰিকা ,
তুমি সুধিছিলা মোৰ খৱৰ কেনেকুৱা ?
এৰা, নেদেখাজনৰ কৃপাত এতিয়া ভালেই
আছো,
কেৱল ক'বলৈহে পাহৰিছোঁ কলিজাত ওলোমাই ৰখা জীয়া মৰমবোৰ হেৰুৱা দিনতে শুকাই গ'ল ।
সাগৰিকা ,
পৃথিৱীৰ বুকুলৈ এতিয়া সন্ধিয়া নামিব ধৰিছে ,
মাছমৰীয়া জাকৰ ভটিয়ালী সুৰত ঘৰমুৱা হোৱা বগলীজাকে বুকুত সপোনলৈ আকাশত উৰি ফুৰিছে।
বাৰু সাগৰিকা বহু সময় হ'ল ,
পাৰিলে গোটেই নিশা তোমাৰ স্মৃতিতে
কবিতাটো লিখি উলিয়াম।
সাগৰিকা,
আজিলৈ সামৰিছোঁ।
ইতিত
তোমাৰ "প্ৰেম"।
✍️বিনিতা গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ