নৈতিকতাৰ অভাৱত আজিৰ সমাজ ব্যৱস্থা-মায়াশ্ৰী ঠাকুৰ

Rinku Rajowar
0
দেশ তথা ৰাজ্যত চলি থকা কিছু অমানৱীয় কাম কিছুমানে আমাক ভাবিবলৈ বাধ্য কৰিছে যে-আমাৰ সমাজত নৈতিকতাৰ অভাৱ ঘটিছে নেকি?। মানুহৰ মাজত সজাগতা নাইকিয়া হৈছে নেকি? 

    সেইদিনা চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিক নিৰ্মম ভাৱে প্ৰহাৰ কৰাটো আমাৰ সহ্য হোৱা নাই। অকল সেউজ ডাঙৰীয়াৰ লগতেই নহয় পূৰ্বেও এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কিয় বাৰে বাৰে চিকিৎসকৰ ওপৰত এনে আক্ৰমণৰ লক্ষ্য কৰি লয়?  চিকিৎসক সকলেই আমাৰ জীৱনদাতা। এজন চিকিৎসক হ'বলৈ ইমান সহজ নহয়, বহুত কষ্ট কৰিব লগা হয়।  তেওঁ হে জানে কষ্ট ৰোগী এজনক চিকিৎসা প্ৰদান কৰাটো। এজন চিকিৎসকে এজন ৰোগীক যিখিনি পৰামৰ্শ দিব পাৰে, তেনে পৰামৰ্শ আমি সাধাৰণ মানুহ এজনে দিব পাৰিম নে? নোৱাৰো, কাৰণ আমাৰ সেই ক্ষেত্ৰত শিক্ষা নাই। এজন চিকিৎসকক প্ৰহাৰ কৰা মানে ---- তেওঁৰ শিক্ষাক অপমান কৰা। ই অতি লজ্জাজনক। 
      চিকিৎসক জনৰ‌ ওপৰত এই ঘটনা সংঘটিত হৈছিল হোজাইৰ এখন গাঁৱত। প্ৰতিবাৰেই এনে‌ ভিতৰুৱা অঞ্চল বিলাকতেই এনে ঘটনা সংঘটিত হয় কিয়? চাহ বাগিচাৰ চিকিৎসক সকলৰ ক্ষেত্ৰতটো এনে ঘটনা সংঘটিত হৈছে। আমাৰ মনত এনে কিছুমান প্ৰশ্ন উদয় হয় যে ----- অসমৰ ভিতৰুৱা অঞ্চল বিলাকত শিক্ষাৰ অভাৱ নে , নে মানুহ বিলাক সচেতন নহয়? কিয় এনেবিলাক মানসিকতাই তেওঁলোকৰ মনটো লেতেৰা কৰি ৰাখিছে? 
     আমাৰ অসমৰ মুখ্যমন্ত্ৰী জন, অসমৰ জনপ্ৰতিনিধি সকল তেওঁলোকে কেনেধৰণৰ পদক্ষেপ লয়, চিকিৎসক সকলক নিৰ্দেশ দিয়া ক্ষেত্ৰত, কেনেধৰণৰ আচৰণ কৰে, এইবোৰৰ প্ৰতিও অসমৰ জনগণে কাণ দিব লাগিব, কাৰণ --- অসমত এনে বহুত জনসাধাৰণ আছে যিসকলে আমাৰ মুখ্যমন্ত্ৰী জনক, জনপ্ৰতিনিধি সকলক অনুসৰণ কৰে, কাৰণ তেওঁলোকৰ প্ৰতি বিশ্বাস আছে। 
      সৌ সিদিনা আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই চিকিৎসালয়ৰ কাম - কাজ পৰিদৰ্শন কৰিবলৈ যাওঁতে এজন চিকিৎসকক ধমক দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। যদি আমাৰ মন্ত্ৰী সকলেই এনে আচৰণ কৰে তেনেহ'লে বাকী সকলনো কিয় পিছপৰি থাকিব, তাৰ সুযোগহে গ্ৰহণ কৰিব। গতিকে সাৱধান হ'ব লাগে। চৰকাৰে কঠোৰ পদক্ষেপ লওক তাত আমাৰ ক'ব লগা একো নাই কিন্তু তেনে পদক্ষেপে যাতে আন সকলৰ ওপৰত নেতিবাচক প্ৰভাৱ নেপেলাই সেইটোও মন কৰিব লাগিব। 

     আকৌ, সমাজত এনে কিছুমান ব্যক্তি আছে যিসকলৰ মাজত সজাগতাৰ অভাৱ। বাস্তৱক স্বীকাৰ কৰিব পৰা যিখিনি শিক্ষা হয়তো তেওঁলোকৰ নাই। এজন বিষয়াই হওঁক বা সমাজৰ সাধাৰণ নাগৰিকেই হওঁক তেওঁলোকক কেনে আচৰণ কৰিব লাগে, কেনেকৈ সন্মান জনাব লাগে সেইবিলাকৰ হয়তো অভাৱ। আনহাতে, এজন ব্যক্তিক প্ৰহাৰ কৰাটো  ইমান সহজ কথা নহয়। কেনেকৈ ইমান সাহস কৰে, মনত ভয় শঙ্কা নোহোৱা হ'ল, কেৱল আইন হাতত তুলি ল'বলৈ শিকিলে। এজন চিকিৎসকে হাজাৰ হাজাৰ ৰোগীক চিকিৎসা প্ৰদান কৰে, তাৰ মানে এইটো নহয় তেওঁ সকলোকে বচাব পাৰিব, সেয়া ভগৱানৰ কৃপা। জানি বুজি কোনো চিকিৎসকে এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে। গতিকে এনেবিলাক মানসিকতা এৰাই চলক আৰু যিসকলৰ মাজত এনে মানসিকতা বিৰাজমান তেওঁলোকৰ চিন্তাধাৰা সলনি কৰক নতুবা কোনো অভিজ্ঞ লোকে জ্ঞানী সচেতন লোকে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰক। তেতিয়া হে সমাজত চলি থকা এনেবিলাক ঘটনাৰ ওৰ পৰিব।

✍️মায়াশ্ৰী ঠাকুৰ 
    যোৰহাট।    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)