এজোপা দুবৰি হৈ ৰোৱানা,
অন্ততঃ তোমাৰ পৰশত
জীপাল হৈ উঠিম।
মোৰ মনৰ ফুলনিখনিত
এধাৰমান নিয়ৰ হৈ আহানা,
মোৰ গাত লাগি থকা ধূলিবোৰ
ধুৱাই নিব পাৰিম।
মোৰ মনৰ ফুলনিখনিত
এপাহ ৰঙা গোলাপ হৈ ৰোৱানা,
তোমাৰ পৰশত ময়ো
সুন্দৰ হৈ উঠিম।
মোৰ মনৰ ফুলনিখনিত
এটি ভোমোৰা হৈ আহানা,
তোমাৰ গুণগুণনিত
মই উত্ৰাৱল হৈ উঠিম।
মোৰ মনৰ ফুলনিখনিত
তুমি এটি পখিলা হৈ থাকানা,
তোমাৰ স্পৰ্শত মই
সাফল্যমণ্ডিত হৈ উঠিম।
মোৰ মনৰ ফুলনিখনিত
তুমি মাথোঁ এজোপা
লাজুকী লতা হৈ নাহিবা
মই দুগুণে জহি মৰিম।
✍️ৰাধাৰাণী বড়ো,টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ