কদৰ্য্য-বাণীকান্ত লহকৰ

Unknown
0
অধম এলেহুৱা বাবে কোনেও মোৰ পৰা একো আশা নকৰে |ময়ো এতিয়ালৈকে কাকো একো আশা দিয়া নাই৷আশা নকৰাকৈয়ে  সাংঘাতিক ভাৱে থিতাতে লিখা গল্প প্রতিযোগী হৈছিলো | অফিচৰ পৰা আহি থকা সময়খিনিত গ্রুপ এটিৰ আহ্বানক সঁ‌হাৰি দি। অৱশ্যে সেই গ্রুপটোৰ পৰা ব্যক্তিগত অসুবিধা হেতু পিছত মই ওলাই আহো | গল্পটোৱে আকৌ মোক কাওঁবাওঁ কৰি তাক দ্বিতীয়বাৰৰ বাবে স্থান দিব খাটনি ধৰাত,স্মৃতিৰ জালফালি মোৰ মানস পটত ভাহি উঠিল ।
 থিয় হৈ হৈ তাই অৱশ হৈ গৈছে।ককাল বিষাই গৈছে।হাতখন খহি যাওঁ যাওঁ লাগিছে। কোলাৰ কেচুৱাটোৱে ফেঁকুৰি আছে । হাৰামজাদীয়ে শাৰীখন টানি টানি এতিয়া খুলি পেলাব। ছোৱালীজনীক তাই ভোৰ ভোৰালে ।বানপানীৰ দৰে বাঢ়ি অহা তাইৰ পেটৰ আকাৰটোৱে আকৌ তাইকে ইতিকিং কৰিলে। মাজে মাজে বুকুখন খুন্দা মাৰি ধৰে । তাই অহস্য বিষত চিঞৰি উঠে।মা গো মৰলাম গো । অথচ এক কি মিঠা অনুভূতি । প্রথম যেতিয়া তাই মাক হʼব ওলাইছিল এক অজান শংকাবোধ, লজ্জাজনিত খোজ আৰু অচিন গৰ্বত উঠলি উঠিছিল বুকু আৰু আজি !! ঔষধৰ নামত চৰকাৰী চিকিৎসালয়ৰ পৰা পাব লগা খিনি পাইছে। নিয়ম অনুসৰি তাই খাই আছে । মানুহজনে তাইক তালৈ লৈ গৈছিল।মানুহ জন মানে তাইৰ মতাটো ।গিৰীয়েক আব্দুলৰ লগত ডাক্তৰ খানালৈ যাওঁতে ডাক্তৰ চাহাবে তাক ধমকি মাৰি উঠিছিল । যোৱা সপ্তাহত তুমি এজনী গৰ্ভৱতী তিৰোতা আনি তোমাৰ স্ত্ৰী বুলি কৈছিলা ।এইজনী আকৌ কোন? ছাৰ এইজনী আমিনা । মোৰ ছাহাজাদী । আমি নিয়ম মতে নিকাহ কৰি সাদী কৰিছো । ছাৰ দয়া কৰি ভালদৰে চাওঁক ।

বাৰু বাৰু !এইজনী তোমাৰ তৃতীয় পত্নী হয়নে? ডাক্তৰ অৰূপ চলিহাই শ্লেহজনিত সুৰেৰে তাক সুধিলে।

এইফালে কথাশুনি আমিনা  বিমূঢ় হৈ তাইৰ মূৰে কাম নকৰা হৈছে । আনফালে ডাক্তৰ চাহাবৰো জিজ্ঞাসা বাঢ়িছে। 
:এৰা তুমি কি কৰা হে। দেখাত টো বেচ হৃষ্ট পুষ্ট বলিষ্ট।
:এহ্ নকব ছাৰ একো নকৰো । মানে মাজে মাজে ৰিক্সা চলাওঁ । ইহঁতে দিনত হাজিৰা কৰি আনি টকা কেইটা মোৰ হাতত দিয়ে।তাৰে চলো । মানে দেহৰ যতন লওঁ। ঔষধ খাওঁ।এতিয়া ইহঁতে এইকেইদিন কাম কৰিব নোৱাৰিব।উপায় এটা ভাবিব লাগিব ছাৰ ৷ ৰিক্সা চলাম ন'হলে। আমিনাৰ ক'ব ইচ্ছা আছিল -"টকা কেইটা হাতত দিওঁ নে তই ডকাইতি কৰি সন্ধিয়া বৰ মতা হৈ কাঢ়ি নিয়' ।নকʼলে ।এনেয়ে বুকুখন জ্বলি গৈছে । মনটো মৰহি গৈছে । তাতে আকৌ ডাক্তৰ চাহাবৰ পৰা তাৰ বিষয়ে জানি তাইৰ ঘৰ নোপোৱা যেন লাগিছে । কেতিয়া কৈফি‌য়ৎ তলৰৱ কৰিব পাৰে!
 সেই ৰাতি আমিনাই তাৰ লগত কাজিয়া কৰিলে । বেচেৰী গম নোপোৱাকৈ তাৰ চতুৰ্থ সন্তানৰ মাতৃ হʼবলৈ ওলাইছে । ইমান প্ৰতাৰণা ! তাই তাক কি দিয়া নাই ? কিমান কষ্ট কৰি সংসাৰখন চলাইছে । নিজে কষ্ট কৰি তাক আৰামত ৰাখিছে । কোনে কৰে তাঁহাতিৰ বাদে । অথচ কি প্ৰতাৰণা । অবিশ্বাস যোগ্য । তাৰ আকৌ দুজনী ঘৈণীয়েক আছে ! লʼৰা ছোৱালী এপাল হʼব ! সকলোৰে পৰাই টকা সংগ্ৰহ কৰিব । থুই কটা ! এনে নৰাধম থকা বুলি তাই সপোনতো ভবা নাছিল । প্ৰথম দৃষ্টিত মানুহজনৰ প্ৰেমত পৰিছিল তাই। বেচ হৃষ্ট পুষ্ট দেখনিয়াৰ । কিচকিচিয়া ক'লা চুলি । চকু দুটাত হেজাৰ নিশাৰ কাহিনী । তাই আকৃষ্ট হোৱাৰ আন এটা কাৰণো নোহোৱা নহয় । পিতৃ স্নেহ কি বুজি নোপোৱা, কাৰো পৰা মৰম নোপোৱা, মৰম আকলুৱা তাই তাৰ দৃষ্টিত মৰম দেখিছিল । যদিও সেইয়া আছিল মৰীচিকা । পিতৃ পৰিচয়হীন তাই আৰু বেছিদিন মাকৰ বোজা হʼব নিবিচাৰিলে । মাকে বোধহয় কোনোদিন মুখ নুখুলিব আৰু পিতাকৰ বিষয়ে নকব ।হʼব পাৰে তাই কাৰোবাৰ অবৈধ সন্তান । হʼব পাৰে কিবা বিশেষ ঘটনা । নতুবা আন কিবা বেয়া উপায়ে তাই জন্মিছে ।মাক প্ৰতিজ্ঞাবদ্ধ সেইবোৰ তাইক নজনায় । তাই এনেকৈ ৰৱ ?
তাই তাক হাতত পাই সৰগৰ তৰাটো ঢুকি পোৱা যেন পালে।হাতলৈ অহা সুবিধাটো এৰি দিব টান পালে । বেয়া চকুত বাদে কোনেও একো দিবলৈ আগবাঢ়ি অহা নাছিল । সুবিধাবাদীয়ে সদায় সুবিধা লবলৈ চেলু বিচাৰি আছিল । প্ৰথম ছয় মাহ মান তাইক বেচ আদৰ যত্নত ৰাখি পিছত ঠিকাদাৰৰ তলত দিন হাজিৰা কৰাত লগাই দিলে । তাই জনা নাছিল কি নিষ্ঠুৰ ভাৱে টকা উপাৰ্জন আৰু সন্তান জন্ম দিয়া এটি যন্ত্ৰণা তাইক পৰ্য্যাবসিত কৰিলে । তাতো তাইৰ আপত্তি নাছিল কিন্তু তাইৰ দৰে আৰু দুজনীক সি ঠগি থৈছে । তাৰোপৰি বা আৰু কʼত কিমান কেলেংকাৰী আছে । কোনে জানে । তাই কোনো পধ্যে খংটো কমাব নোৱাৰিলে । কʼব নোৱাৰাকৈ মুখৰ পৰা ওলাল "তই এইবোৰ কৰিছ কি ? তোৰ যদি দুজনীকৈ ঘৈণীয়েৰা আছে মোক কিয় বিয়া কৰালি ? কেইবাজনী মাইকী ,মদ মস্তী লাগে তোক । সন্তান জন্ম দিছ চাৰিওফালে চাল্লা নিধক । বেইমান । কাপুৰুষ । দুয়োৰে মাজত কাজিয়া লাগিল । ঠাই টুকুৰা উত্তপ্ত হৈ পৰিল ।
প্ৰথম অৱস্থাত সি যুক্তিৰে তাইক বুজাব বিচাৰিলে । সি যুক্তি দিলে মই কেইবাজনী বিয়া পাতিছো আমাৰ সংখ্যা বাঢ়িব । শক্তি বাঢ়িব ।ইনকাম বাঢ়িব ।আমি ধনী হৈ যাম । বহিৰাগত বুলি কোনেও কʼব নোৱাৰিব । তহঁতৰো সুখ হʼব এদিন । মই যদি মন্ত্ৰী বিধায়ক  হৈ যাব পাৰো বৰ্ধিত জনসংখ্যাৰ বাবে । 
আমাৰে ৰাজ হʼব ।চাই থাক সেই দিন আহিব । তাইৰ ধৈৰ্য্যৰ বান্ধ চিগি গʼল ।  আতৰ্কিতে দৰ্জা বন্ধা টাকোনেৰে  উধাই মুধাই মাৰ সোধালে । তাইৰ চিঞৰ বাখৰত ইতিমধ্যে বহু ডেকা লʼৰা তাত গোট খাইছিল । কথা বিষম দেখি সি তাৰ পৰা পলাল ।
আজি বহু দিন হʼল ।
ডাঙৰ লʼৰাটোৱে  চিটি বাছত হেণ্ডিমেনৰ কাম কৰে । তাক চাই চাই আৰু মানুহজন ঘূৰি আহিব বুলি তাই সদায় আবেলি এইখিনি সময়ত ইয়াতে আহি থিয় হৈ আকাশলৈ উদাস ভাৱে চাই থাকে । এদিনতো  তাই তাক ইয়াতে লগ পাইছিল ।
সি আহিবনে উভতি ?
কিমান দিনৰ মূৰত আহিব । তাই বাৰু তাক ক্ষমা কৰি দিব নেকি ? একমাত্ৰ  যন্ত্ৰণালৈ পৰিৱৰ্তন কৰা মানুহজনে সমাজলৈ  বিভীষিকা কঢ়িয়াই অনা নাইনে ? তেন্তে দেখিও নেদেখা অভিনয়েৰে  সভ্য সমাজে এইবোৰ  সহ্য কৰে কিয়? তাইক বিচাৰ লাগে !  কব নোৱাৰাকৈ তাই হাত এখন  ওপৰলৈ দাঙি দিলে ।


✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)