সূৰ্যোদয় ধাৰাবাহিক উপন্যাস দ্বিতীয় খণ্ড-ৰাজেন দাস

©Admin
0
১)
"লুম্পাইয়া--আইয়প পঢ়িপটক,দুগ্গল দুয়ক, মেট্ৰিক পৰীক্ষা আনিন কা-ব...,। লুম্পাই---ভালকৈ পঢ়,দৌৰি ফুৰি নাথাকিবি, মেট্ৰিক পৰীক্ষা ওচৰ চাপিল...। 
প্ৰদীপে দোৱানত লুম্পাইক সদায় বুজাই থাকে।প্ৰদীপ বেলগুৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি।নিজৰ দহোবন কৰি ৰাইজৰ সেৱা কৰে। চাপৰিৰ বহু খেতি-বাতি চম্ভালি আছে।মাটিমাহ,সৰিয়হ, কুঁহিয়াৰ ইত্যাদি। কুঁহিয়াৰ খেতিত বহু কষ্ট হয়, মানুহ সৰহ লাগে। আমাৰ এষাৰ কথা আছে মাঘৰ পন্তা বাঘৰ বল। সাত ভাই যাৰ, কুঁহিয়াৰ খেতি তাৰ।  চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আছে পোৱা নাই। চেষ্টা এৰি দিয়া নাই।দুই এবাৰ ভালো হৈছে কিন্তু চূড়ান্ত পৰ্য্যায় পোৱা নাই। চাকৰি নহ'লে ও বহু উপাৰ্জন কৰে। তথাপি বিদ্যাধন পৰম ধন। চৰকাৰৰ এটকাই বহুত,যদি নিয়মীয়া হয়। অৱশ্যে অফিচ কাছাৰীৰ সৈতে ছাৰসকল যোগাযোগত আছে...। 
(২)
লুম্পাইৰ দেউতাক প্ৰাদেশিকৰণ নোহোৱা এম.ই.স্কুল এখনৰ চকীদাৰ। বহু বছৰ হ'ল প্ৰাদেশিকৰণ হোৱা নাই তেনেকৈয়ে সেৱা আগবঢ়ায় আছে। স্কুলৰ মাটিদোখৰো সিহতঁৰে। শিক্ষকসকলৰো অনিয়মীয়া দৰমহা।চৰকাৰে দৰমহা বাদে বাকী সামগ্ৰীৰ যোগান ধৰিছে।  কেইবাজনো শিক্ষক বয়সে ভাটি দিছেগৈ।চামে চামে ল'ৰা-ছোৱালী ওলাই গৈ আছে।মিলন জনজাতি নামৰ স্কুলখনৰ পৰা ওচৰৰ নৱজ্যোতি(ধোদাংচাপৰি),লাখেৰাজ(বৰমুলি) স্কুলত ভৰ্তি হয়। এই দুখন স্কুলৰ পৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰী ওলাইছে। ইয়াৰে দুই এজনে ডক্টৰেট ডিগ্ৰী পঢ়িবলৈ অসম তথা ভাৰত চৰকাৰৰ পৰা জলপানি লাভ কৰিছে।ই অঞ্চলটোৰ বাবে গৌৰৱৰ কথা। বছৰ বছৰ কষ্টৰ ফল এবাৰ আহিবলৈ। 
(৩)
বাবাই(দেউতা)পঠাইছে। ক'ৰবাত চাউল এসেৰমান পাবিয়েই নে। এইবুলি দুহাতত দুটি সৰু সৰু পলিথিন।এপোৱাকৈ মাছ।গৰৈ আৰু কাৱৈ।নাপ্পেটী বৌ ক আগবঢ়াই দিলোঁ। লগতে ক'লো-আমাৰ মানুহ বেছি।আহুত এটা শালিত এটা এইষাৰ মনত বাজেই ।দুদিন মান চৰুলৈ জুই যোৱা নাই। খেতি-খোলা কম।তাতে আমাৰ নিজৰ হালগৰু নাই, দুজনী মান আধিয়াৰ গাই,হাঁহ ৰ বাদে...।
উৰল(দোৱানত কি পা:ৰ বোলে) ধান বানি আছিল নাপ্পেটী বৌ এ,বোকোৰা গাঁৱৰ বৌ,দেৱেন্তী বৌ, ৰাজু গোৱলা,নৱকান্ত বৰতা ,ধোদাং...লৈ কো মাছ দি চাউল অনাৰ বৰ কষ্টকৰ কাম। খোজকাঢ়ি ভাল লগা হৈছিল । মোৰ উৰললৈ মাৰি নোযোৱা হৈ পৰিল। মাতৃ মমতা চিৎকাৰ হৈ গৈছে।অন্তৰ কান্দি উঠিল।মনে মনে ভগৱানলৈ কাতৰ প্ৰাৰ্থনা জনালোঁ,সদায় দিনবোৰ যাতে একে দৰেই নাথাকক।মোৰ এনে লাগিল যেন নিজৰ পো এটা ই এই কথা কৈ আছে।(আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন)ধান বনা এৰি ভিতৰলৈ সোমাই গ'লো দুইভাগৰ মাছৰ হৈ ভালকৈ চাউল(আমবুন)প্ৰায় ৬ কিলোমান মোনাত আনি কৈছোঁ-"এইয়া লৈ যা ভালকৈ এখাজ খাবি।(দুৱানতে কৈছিল-চে বমকাংকো কাংকানপে এৱাজ ক দলাং)  । আমাৰ দুখবোৰ যেন কেলধূপ কেলধূপকৈ বাঢ়ে। বাৰিষাৰ দিনত সাজি লোৱা চাংঘৰৰ খুটাৰ গাঁঠি ইপাব সিপাবকৈ গিলি গিলি গৈ থকাৰ দৰে, ৰাতিটোতে হাতীটো নিচিনা, মথাউৰি,বানাক্ৰান্তৰ সমস্যাও সমাধানৰ অহৰহ প্ৰয়াসো বিফল হৈ থাকেই... 

(৪)
মই খোজ জোৰেৰে কাঢ়িলো। ভৰিৰ পতা কেইখন কিবা কৰে।(পুৱাই পুৱাই নিয়ঁৰ গচকি আৰু চোতাল গচকি কেইবা কি:মি:ৰ খোজ কঢ়াটো অভ্যাস হৈ গৈছে)আকৌ বৰমুকলিৰ স্কুল পাবগৈ লাগিব।নহ'লে প্ৰাৰ্থনা কৰিবলৈ নেপাম। মা ক সোনকালেই ভাতৰ লগতে আলু দি দিব ক'ম,মা ও চাগে স্কুল যোৱা ল'ৰা-ছোৱালীবোৰ দেখি কিবাখন কৰিব।গা-ধুই সোনকালেই ওলাব লাগিব।কালিলৈ শনিবাৰ ।সোনকালেই চুটি হ'ব। শাক-পাচলি বিচাৰিবলৈ আছে,তুঁহ কেইবাঘৰৰ পৰা গোটাবলৈ আছে,কেইবাকুইন্টল হ'লে এপইচা পাম।মই বিচৰা পাচলিৰ বাবে মোৰ পৰা পইচা নলয় । বৰঞ্চ চেনিমাই বৰবৌ-এ কয়-অ ডাঙৰ লো -ৱা,আমাক একো নেলাগে,ঘৰখনৰ দুই-এপদ কিবা আনিবি। নহ'লে তোৰ সেই ফটাপেন্টো কিমান নিপিন্ধনো। সলাব হ'ল।তাতে খৰচ কৰিবি ।সেয়েহে বৰদেউতা,বৰমামীহঁতৰ বাৰী লুৰুকিবলৈ শনিবাৰে তৎপৰ হৈ থাকোঁ। তাতে পপন আইতাই ছমহীয়া লাই, মামাৰ পৰা নেমু ,বিলাহী কিনি লওঁ...

মৰাপাতৰ বস্তা আৰু নিমখৰ ফাটি যোৱা বগা বস্তাকেইটাও মা ৰ হতুৱাই বেজিৰে সিয়াই থওঁ।,বগৰণী,মেৱাঙ কাঠনিলৈও যাম। অটব্য অৰণ্য। দিনটো ভয়াল, জয়াল। নৱকান্ত বৰুৱাৰ কপিলীপৰীয়া সাধুলৈ মনত পৰি যায় ।কচু,ঢেঁকীয়া,কলমৌ,মানিমুনি,ভেদাইলতা,শোতৰা, জিলমিল,কলডিল,বেঁতৰ আগ,বগৰী,ঔটেঙা,মছন্দৰী,,টেঙামৰা,ভেকুৰী তিতা,পনৌনৱা,,ভেদাই লতা,ব্ৰাহ্মী শাক ইত্যাদি গোটাই আনিম। সেইদিনা মা হতঁকো ব্যতিব্যস্ত কৰোঁ আৰু নিজেও।

(৫)
"বৰ দেৰি কৰিলি বৰ?"-বুলি জেওৰা কাষৰলৈকে মা পালেহি।দেখে মোনাখন গধূৰ যেন লাগিছে। আজি ভোক গুচাই খোৱাব পাৰিম ।মনটো কিবা এটা ভাল লাগিল।গা-পা ধুই সোনকালে সাজু হ।সেইখন তোৰ আচল যুঁজ।মা ৰ কথাষাৰ শেষ নৌ হওঁতেই পূৱলৈ থকা পুখুৰীলৈ গৈ এটা হাতেৰে নাক সোপা মাৰি পুখুৰী ত জাপ দি দিলো। বাটতে দিগন্ত হঁতৰ ঘৰৰ কাষৰ ঔ-টেঙা গছৰ পৰা ঔ-টেঙা এটা লৈ আহিছিলোঁ।তাকে মূৰে-চূৰে ঘহিঁ-পিহি দিলোঁ । জোকে কামূৰে বুলি ও ভয় নহয় তাতে মই পয়ালগা,ঘিটিৰা-মিটিৰা। ঠিহিৰা মৰা ! 

(৬)
উশাহ-নিশাহৰ কথাহে।মন যায় পানীৰ ভিতৰত বহু পৰ থাকিবলৈ। সেইখনো এখন কি আজৱ পৃথিৱী!এই পৃথিৱীৰ খবৰ কমেইহে কৰে। লেতেৰা হে বেছি কৰে। গীনিজ বুকত নাম উঠিবও পাৰে। কোনে জানে?
কথা পাতিব মন যায়।লালুকী পোৱালি ৰ লগত।পুনী, মেটেকাৰ লগত।বক বক কৈ ওপৰলৈ উঠি যোৱা পানীৰ লগত...।সুখ-দুখবোৰ ভগাই দিব মন যায়। ল'ব সিহঁতে?আমি সিহঁতক কিমান অত্যাচাৰ কৰোঁ। ক'ত আমাৰ সমভাগী হ'ব।মোৰ অতবোৰ দুখ(অভাৱ) এছিকতামান লোৱাহ'লে! তেনে হ'লে কোনে ল'ব। কোনে? কোনে?কোনে?এই কথাখিনি ভাবি ভাবি পুখুৰীৰ পৰা উঠি আহিলোঁ।নাকে-কাণে ভাত অলপ গুজি স্কুললৈ খোজ ললো।খোৱা-বোৱাত বাচ-বিচাৰ নাই।কয় নহয়-"হাঁহেৰেও সূচি মাহেৰেও সূচী"।মোৰ আজি মহৎ লোকৰ বাণী কোৱা পাল। সকলোৰে শাৰীত থিয়।মইয়ো।"শিক্ষাৰ ঘাই শিপাডাল তিতা কিন্তু ইয়াৰ ফল মিঠা"-এইবুলি কৈ মইয়ো লগৰবোৰৰ লগত সোমাই গ'লো।  সময় পাৰ হৈ গ'ল।এক শ্ৰেণী-দুই শ্ৰেণী মইয়ো উঠিছোঁ। উত্তৰসূৰী হৈ ভাইটি, ভন্টি ও আহি আছে।
(৭)
আমাৰ ল'ৰা পাচো‍ঁটি। ভন্টি এজনী।আনে সৰহ মানুহ লৈ হাঁহি-ফিচিঙালি কৰে। মোমাইদেউৱে স্কুললৈ বস্তা লৈ যাবলৈ কয়, ভাল ভাল কাপোৰ মা ক পিন্ধিবলৈ কয়...আমাৰ দিন কাল এনেকুৱা ও হয়-দুখীয়াৰ দুখ,ক'তো নাই সুখ;গোটে ঘোটে পানী খায়,শুকাই যায় মুখ।মা-দেউতাই দায়িত্ব পালন কৰে।আমাক সদায় অনুপ্ৰেৰণা দিয়ে। দেউতাই বহু কষ্ট কৰে।মাছ মাৰে-জাল,বৰশী-ধাম বৰশী,ছিটিকা বৰশী/জীয়নীয়াবৰশী,ছেপা,পছা,উভটী,প'ল,পাঊৰী,জাকৈ,শালৈ,জুলুকি,চতী,ফাচিজাল,কাৰেংজাল,লাঙীজাল,ঘাটজাল,বিছৰ,ত্ৰিছৰ,একন্ডী,দেৰঅন্ডী,দুইঅন্ডী আদিৰে মাছ ধৰে।চিজনত ভেটা মাৰি(বান্ধ)ওজানৰ মাছ ধৰাৰ পাকৈত।একেদিনাই দহৰ পৰা বিশহাজাৰলৈ উপাৰ্জন কৰা দেখিছোঁ। গাঁৱৰ মানুহে তবধ মানে। দেউতাৰ পৰিয়ালটো ইমান সুন্দৰকৈ গুৰি ধৰা বাবে বৰ ভাল লাগে। শিলৰ গোঁসাই ঈশ্বৰলৈ মনে মনে শ্ৰদ্ধা জনাওঁ।দেউতাক জনাওঁ চেল্যুট। 
দেউতাই হাজিৰা কৰে-মাটি ডঙা(ঘৰৰ ভেঁটি),পকা যোগালি,ঘৰ-দুৱাৰ ঠিক কৰা,,জাল বান্ধে,কাঠি-কামি কৰে-কোলা,চালনি,ছেপা, উভটী,শৰাহী,পাচি,ডলা,শালৈ,বিছনী বান্ধে। খেতি-খোলা পাতে-আহু,বাওঁ,বৰো, পাচলি... খেতি কৰে, ব্যৱসায় কৰে শাক-পাচলি, ছাগলী,গৰু...।

(৮)
জনা ৰ পৰা দেখিছোঁ দেউতাক।কম কথাতে চোক থাকে।দিনৰ কাম অতাই-পিটাই সন্ধিয়া বৰদেউতাৰাৰ ঘৰত টি.ভি.চাব 
লৈ সদায় যায়।সেয়ে লেখৰ কথা কয়।সিদিনা ভাতৰ পাতত কৈছ-"যি হাৰি হাৰি জিকি যায়,সি ইতিহাসত থাকি যায়।" আমি ইকাণে শুনি সিকাণে উলিয়াই দিও।
 দেতাৰ কাম। আৰু কাম।বজাৰলৈ যায়।ঘৰৰ তেল,নিমখ আনে। কাপোৰ কানি আনে।আনে নিজৰ প্ৰয়োজনীয় খিনিও। চাইকেল খনত জাতিলাও,ৰঙালাও, ৰঙালাউ আগ,দুকেজিমান শ'ল,গৰৈ মাছো লৈ দেউতাই বজাৰলৈ ওলাল।মা ই ঘৰখনৰ ইপদ-সিপদ নাই বুলি শুনালে-"অ গোসাই,অমোকতোহে পাহৰিলো,তমোকটোহে পাহৰিলো নকয় যেন"।আমাৰ কথাএষাৰ আছে নহয়-"মা ই চায় মুখলৈ,ঘৈণীয়ে চাই হাতলৈ।" এইবুলি কৈ দেউতাই পেদেল মাৰি মাৰি দেওবৰীয়া (সাপ্তাহিক)বজাৰলৈ গুচি গ'ল।

(৯)
অ'  অ', বৰপোণা,সৰুপোণা,গৰু-গাই চপা।গধূলি হ'ল কিকিট নে ফিকেট এৰিবি,ভালে ভালে লেকেছীৰ চিটিপচিটিপ নোপোৱাৰ আগতে কামত ধৰহি..."। মা ৰ হুকুম শুনি মই য়ো ল'ৰা-লৱৰি কৈ আহি কামখিনি কৰিলোঁ।দেউতা ও মাৰ প্ৰাৰ্থনা ৰ পিছতে পাবহি।নে আধাবাটৰ পৰা দাংকোলা কৰি আনিব লগাই হয়নে কি ঠিক।মা ই এনেদৰে মনে মনে ভুৰভুৰাই থকা উমান পালোঁ। প্ৰাৰ্থনা কৰি অতাই আকৌ আখলতে ইটো-সিটো কৰি কৰি কৈ আছোঁ-" এইহেন পৰলৈকে ক'ত মৰেনো? হতচিৰি যোৱাটো,মৰিবলৈ নেদেখাটো,তেজখোৱা,নৰকখোৱাটো,কাৰ কিমান মুটনি খাইছে,কোন কোন মিৰিয়নীৰ মেখেলা ধুইছে কোনে জানে?ঘৰত কূটা এগছ নাই,সেইয়া হ'লে মন,কাণ নাই,মাইকীক যি মিঠা মিঠা মাত দিবহি,কি যে দিলা আৰু প্ৰভূ..." লাহে লাহে মাৰ মাতটো সৰু হৈ এসময়ত বন্ধ হ'ল।

(১০)
 বাহিৰৰ ৰাস্তাত ভগাচাইকেল টিলিঙাৰ মাত শুনিলোঁ।'মন হীৰা দৈ চাইকেল নহয় টিলিঙা' গানটোলৈ মনত পৰি যায়।মা ই নিমখ চাহ এটোপা ঠিক কৰিবলৈ, ধোঁৱা ই থকা জুইকুৰা জ্বলাবলৈ যত্ন কৰি আছে।আমি সষ্টম হৈ পৰিলোঁ,এনেও দেতালৈ বৰ ভয়, মই আকৌ ওপৰৰ চাংত উঠি দেউতা অহালৈ উমান লৈ খাপপিটিলোঁ,মদাহীয়ে কাক কেনেকৈ গালি-গালাজ,মাৰ-ধৰ কৰে ঠিক নাই।
মোৰ মনটো ভাল লাগিল-বজাৰ ভাল।মানুহটোৰ মুখত বিহুৰকলি। দেউতাই বহু সাধু, কৌতুক, বিহুৰ কলি...ঘৰত শুনোৱা মনত পৰে। সঁচাই সুখে-দুখে গান বাজনা গাই নাচি ফুৰ্তি কৰি থাকিব লাগে,দুখবোৰ হেৰাই হেৰাই থাকিব। কবিয়েও কৈছে-দুখৰ অৰণ্য নাথাকিলে সুখৰ চৰাই ক'ত জিৰাবহি... 

মাতটো এইবাৰহে ভালকৈ ধৰিব পৰাই নাই।গাঁৱৰে দাঁতি-কাষৰীয়া চিনাইচুক(অনূসূচিত জনজাতি গাঁও) পাইছেহি যেন লাগিছে।গানটো অলপ কৈ বতাহত ভাঁহি ভাঁহি আহিছে।
(১১)
মায়ে আকৌ দেউতাক বাহিৰে গুজৰি-গুমৰি থাকে,ভিতৰি আকৌ নেৰে বেথা। অ' সেইয়া,সেইয়া কটা নিধকটো,বাঘৰ আগতেল খোৱাটো যেন পাঁও -"পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিছোঁ।অ'চেনিমাই খোপাতে খোপাতে, গুজি দিম বুলি।পাহাৰৰ নাগিনী, চেনিমাই বিহুলৈ আহিবি।অ'চেনিমাই চেৰেকী আনোগৈ বুলি...।"
মানুহটো পালেহি।যেনেতেনে ৰঙা ফিকা চাহ একাপ দিলোঁ।দে, দে--চাহ কাপ খাই গা-টো তিয়াই আহো‌ঁ। মানুহটো আজি বীণামদাহী যে?বাটত নেমুৰস, নেমুপাত খাই অহা নাইতো। নিচাটো অলপ দম মাৰে হেনো। ।সদায় ঘৰত অশান্তি দি থকাতকৈ এদিন হাইঠা মাটিত পৰিবও লাগে।দেউতাই ৰামতবা হৰি নোকোৱাকৈ লাজুকী হাঁহি দি চুৰিয়া,ছাধা গামোচা লৈ গা-তিয়াও বুলি ওলাই আহিল।
ভাত-পানী শুদাই-নিকাই থৈছোঁ,জুইৰ অঙঠাত গৰৈ,ভেছেলী,ঊধানতে পোৰা বেঙেনা দুটা ও থৈছোঁ,পিটিকা এটা হ'ব।শাকত যায় এগুণ,পিটিকাত যায় তিনিগুণ কথাষাৰ  বাজিব ধৰে।চাহৰ জুইকুৰা আকৌ লাগিব বুলি জানি নুমুৱাই আহিল মা ই। মোনাৰ বয়-বস্তুখিনি থানথিত লগাই  মানুহটো অহালৈ ৰৈ থাকিল। ঘৈণীয়ে চায় হাতলৈ মা ই চায় মুখলৈ কথাষাৰ  যেন ভাবিবলৈ....

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)