সপোন-নীহাৰিকা শৰ্মা

সন্ধিয়াৰ ঘন নীলা আকাশ,
তাতে পাৰি থৈছোঁ সপোনৰ কেনভাছ,
ৰচিছোঁ হাজাৰ সপোন,
দিছোঁ চাৰিওফালে এটা ডাঙৰ বেৰা,
তথাপি সকলো সপোনতে 
মধ্যবিত্তৰ প্ৰতিবন্ধকতা,
তথাপিও ধৰি ৰাখিছোঁ এখন মুক্ত আকাশ,
য'ত মোৰ সপোনবোৰে অকলশৰে বিচৰণ কৰে ।
এটা সপোনৰ ভিতৰতে অন্য এক স্বপ্ন ৰচিছোঁ মই,
প্ৰতিটো কাহিনীতে মুখা পিন্ধা চৰিত্ৰ,
হয়তো মই নজনা-নুবুজা হাজাৰ চৰিত্ৰ,
যাৰ মাজত হেৰাই গৈছে মোৰ হাজাৰ স্বপ্ন,
তথাপিও হাৰ নামনো,
সপোনৰ আকাশত আঁকিম হাজাৰ স্বপ্ন,
আশা মাথোঁ
          এদিন নহয় এদিন ই পূৰ হ'বই.......


✍️নীহাৰিকা শৰ্মা
     শিৱসাগৰ

Post a Comment

Previous Post Next Post