ধনী হৈ দৰিদ্ৰতা অনুভৱ কৰা মহিলাজনী -মাণিক পাল

Rinku Rajowar
0
স্কটলেণ্ডৰ প্ৰবাদ মতে , “ Do not judge by appearances , a rich heart may be under a poor coat. ” 
যদিও এজন দৰিদ্ৰ ব্যক্তিৰ অন্তৰখন ধনী হ’ব পাৰে কিন্তু এইটো বাস্তৱ সত্য যে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ হ’ল দৰিদ্ৰতা । কাৰণ দৰিদ্ৰতাই এজন ব্যক্তিক কেৱল জীৱনৰ মৌলিক প্ৰয়োজনৰ পৰা বঞ্চিত নকৰে , জীৱনৰ সুমধুৰ সপোনবোৰৰ পৰাও বঞ্চিত কৰে । এজন ধনী লোকৰ বাবে যিবোৰ ভোগ বা বিলাস , দুখীয়া লোক এজনৰ বাবে সেয়া সপোন । ধনী লোকৰ বাবে যিটো পেলনীয়া বস্তু পেলোৱা ডাষ্টবিন , দুখীয়াৰ বাবে সেয়া খাদ্যৰ উৎস । সঁচাকৈয়ে দৰিদ্ৰতা মানৱ সমাজৰ বাবে এক হৃদয়বিদাৰক দৃশ্য । 
                      মাদাৰ টেৰেছাই কৈছিল - “ I try to give to the poor people for love what the rich could get for money ” 
মাদাৰ টেৰেছাৰ দৰে হয়তো বহুতো ভাৰতীয় মহিলা আছে বা আছিল , যি সকলৰ মনত এক গভীৰ মৰম , ভালপোৱা আৰু সহানুভূতি আছে দুখীয়া মানুহৰ প্ৰতি । আজি মই আপোনালোকক এনেকুৱা এজন ভাৰতীয় মহিলাৰ বিষয়েই বৰ্ণনা কৰিম , যিজন মহিলাই দৰিদ্ৰতা কি অনুভৱ কৰিবৰ বাবে নিজৰ জীৱনৰ এটা বছৰ চহৰত থকা নিজ ৰাজমহল এৰি এখন গাঁওত মাহে কেৱল ষাঠি টকাৰে জীৱন যাপন কৰিছিল । সেই মহিলাজনী আন কোনো নহয় গুজৰাট , আহমেদাবাদৰ কৰ্মী আৰু গান্ধীবাদী “ ইলা আৰ ভাট ।”
                তেওঁৰ জন্ম হয় ১৯৩৩ চনৰ চেপ্তেম্বৰ মাহৰ ৭ তাৰিখে আহমেদাবাদৰ এক ব্ৰাহ্মণ পৰিয়ালত । তেওঁৰ পিতৃৰ নাম সুমন্ত ভাট , তেওঁ এজন সফল অধিবক্তা আছিল । মাতৃৰ নাম বনলীলা ব্যাস , তেওঁ এজনী মহিলাৰ হকে কাম কৰা সমাজ সেৱীকা আছিল । চুৰাটৰ এটি পুৰণি অঞ্চলৰ এটা প্ৰকাণ্ড ঘৰত ইলা আৰ ভাট ডাঙৰ দীঘল হৈছিল । ১৯৪৭ চনত যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া তেওঁৰ বয়স আছিল ১৪ বছৰ । তেওঁ তেওঁৰ স্কুলীয়া শিক্ষা চুৰাটৰ সাৰ্বজনিক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পূৰ্ণ কৰে । B .A ডিগ্ৰী লাভ কৰে গুজৰাটৰ M.T.B কলেজৰ পৰা । তেওঁ কলেজৰ দ্বিতীয় বৰ্ষত পঢ়ি থাকোঁতেই স্বাধীন ভাৰতৰ প্ৰথম লোক পিয়লৰ কাম আৰম্ভ হৈছিল আৰু তেওঁ এই কামত জড়িত হৈ পৰে । তাতেই তেওঁ ৰমেশ ভটক লগ পায় । তেওঁ আছিল এজন সুদৰ্শন , স্বাস্থবান আৰু নেতৃত্বৰ গুণ থকা যুৱক । 
               বস্তিলৈ যোৱা আৰু শ্ৰমিক শ্ৰেণীৰ মানুহৰ লগত মিলামিছা কৰা কথাত তেওঁৰ মা দেউতাৰ আপত্তি আছিল । একেলগে কাম কৰাৰ ফলত ৰমেশ আৰু তেওঁ পৰস্পৰৰ প্ৰতি আকৃষ্ট হয় আৰু বিয়া কৰাৰ সিদ্ধান্ত লয় । মাক-দেউতাই এই ক্ষেত্ৰত বিৰোধিতা কৰিছিল কাৰণ ৰমেশ আছিল এজন বস্ত্ৰশিল্প শ্ৰমিকৰ পুত্ৰ । দেউতাই বিৰোধ কৰি কৈছিল –“ দৰিদ্ৰতাৰ বিষয়েনো তুমি কিমান জানা ? তেতিয়া তেওঁ দৰিদ্ৰতাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সিদ্ধান্ত লয় আৰু জীৱনৰ এটা বছৰ চুৰাটৰ এখন গাঁওত মাহে কেৱল ষাঠি টকাত জীৱন যাপন কৰে । ইয়াৰ পৰাই তেওঁ সহজ সৰল জীৱন যাপন আৰম্ভ কৰে । ১৯৫৫ চনত তেওঁ আইনৰ ডিগ্ৰী সমাপ্ত কৰে । ১৯৫৬ চনত ৰমেশ ভাটে অৰ্থনীতি আৰু আইন দুয়োটাতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৫৬ চনৰ ২০ এপ্ৰিলত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ জীৱনধাৰা একেবাৰে সৰল আছিল আৰু বহু পৰিমাণে গান্ধীবাদী আছিল ।
              ১৯৬৮ চনত আহমেদাবাদৰ দুটা ডাঙৰ বস্ত্ৰশিল্প উদ্যোগৰ উৎপাদন বন্ধ আৰু ১৯৬৯ চনত হিন্দু আৰু মুছলমানৰ মাজত হোৱা ভীষণ উদ্বেগ আৰু সংঘৰ্ষৰ ঘটনাই তেওঁক টি . এল. এ.( টেক্সটাইল লেবাৰ এচোছিয়েশ্যন)ৰ বিভিন্ন কামত সহযোগিতা আগবঢ়াবলৈ বাধ্য কৰে । 
                   কি.এল.এ. ৰ সদস্য হিচাপে যেতিয়া তেওঁ বহু পিছপৰা অঞ্চলত দুখীয়া লোক সকলক সহায় কৰিবলৈ গৈছিল , তেতিয়া তেওঁ লক্ষ্য কৰিছিল দৰিদ্ৰতাৰ এক দুখদায়ক বাস্তৱ । তেওঁ লক্ষ্য কৰিছিল পুৰণা কাপোৰ কানিৰ বেপাৰ কৰা ,বিড়ি বনোৱা , পেলনীয়া বস্তু গোটাই ফুৰা , চিলাই কৰা , শাক-পাচলি বিক্ৰী কৰা আৰু ঠেলা চলোৱা সাধাৰণ মহিলা সকলৰ দুখ ,কষ্ট আৰু যন্ত্ৰণাৰ জীৱন যুদ্ধ । এইবোৰ দৃশ্যই তেওঁৰ মনটোক বৰকৈ বিচলিত কৰিছিল । তেতিয়াই তেওঁ এই অসহায় মহিলাসকলক সহায় সহযোগিতাৰ বাবে বদ্ধপৰিকৰ হয় । সেই উদ্দেশ্যে আগত ৰাখিয়েই তেওঁ ১৯৭২ চনত আহমেদাবাদৰ দৰিদ্ৰ কৰ্মজীৱি মহিলাসকলৰ সংগঠন “চেৱা ”(Self Employed Women’s Association ,SEWA) প্ৰতিষ্ঠা কৰে । আহমেদাবাদৰ বস্ত্ৰশিল্পী শ্ৰমিক সংগঠনৰ মাজত ট্ৰেড ইউনিয়ন কৰ্মী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শ্ৰীমতী ভাটে বহুবোৰ উল্লেখযোগ্য সংস্থা আৰু অনুষ্ঠানত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে । এই সংস্থাবোৰৰ ভিতৰত Indian institute of management , Friends of Women , World Banking India , National Commission on Labour , Asia Society (Newyork) , International Coalition of women and credit (Newyork) , World commission on Urban Feature ( Barlin) , WIEGO ( Women in informal Appointment Globalization Organization) , women world Banking (Newyork) ইত্যাদি । SEWA ৰ তেওঁ প্ৰতিষ্ঠাপক সচিব , লগতে SEWA সমবায় বেংকৰো প্ৰতিষ্ঠাপিকা অধ্যক্ষ । 
                    ইংৰাজী আৰু গুজৰাটী দুইটা ভাষাতেই তেওঁ কৰ্মজীৱি মহিলাসকলৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি অনেক লিখিছে আৰু বহুবোৰ বঁটা আৰু সন্মানেৰে তেখেত সন্মানিত হৈছে । ১৯৭৭ চনত তেওঁ ৰামন মেগছেছে বঁটা লাভ কৰে ।১৯৮২ চনত ৰাষ্ট্ৰীয় সংহতিৰ বাবে আগবঢ়োৱা চুছান বি.এন্থনী বঁটাও তেখেতলৈ আগবঢ়োৱা হয় । ১৯৮৫ চনত পদ্মশ্ৰী ,১৯৮৫ চনত পদ্মভূষণ , ১৯৯৬ চনত বিশ্ব গুৰ্জাৰী আৰু ১৯৯৯ চনত যশৱন্তৰাও চৱন ৰাষ্ট্ৰীয় সংহতি বঁটা তেখেতে লাভ কৰে । ভাৰতৰ সৰ্বোচ্চ সন্মানীয় নাগৰিকসকলৰ মাজৰে এগৰাকী ড° ভাটে ভাৰতৰ পৰিকল্পনা আয়োগ আৰু ৰাজ্য সভালৈও সদস্য মনোনীত হৈছে । ইলা আৰ ভাটৰ জীৱনীৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এতিয়াও দৰিদ্ৰ আৰু দৰিদ্ৰতাক ভালপোৱা আৰু অনুভৱ কৰিব পাৰা লোক এই পৃথিৱীত আছে ।

✍️মাণিক পাল 
গাঁও শিমলীতোলা
জিলা গোৱালপাৰা
ম’বাইল নং :: ৮৬৩৮৯৪৭২৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)