উলঙ্গ দেশত অন্ধ প্ৰজা- মিন্টু হাজৰিকা

Rinku Rajowar
0
বৰ্তমান সময়ৰ এটা প্ৰধান আলোচ্য বিষয় হ'ল - "মাইক্ৰফাইনেঞ্চৰ লোন মাফ"। ই ইমানেই শিপাই পেলাইছে যে ইয়াৰ বিষ ক্ৰিয়াৰ ফলত নিজে ধাৰ মাৰিম বুলি কৈ নিজৰ ব্যক্তিগত চৌখিনতাত লগাবলৈ লোৱা লোণটোওঁ মাফ নকৰাৰ বাবে যেন চৰকাৰেই জগৰিয়া হৈ পৰিছে। দলে বলে গাঁৱৰ  প্ৰত্যেকজনী মহিলা ওলাই আহিছে। ছবিখন দেখিলে এনে লাগে যেন স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰত্যেক ঘৰ মানুহ যেন বিপদ সীমাৰ ওপৰেৰে চলি আছে। যদি অসমৰ অৱস্থা ইমানেই ক্ষুধাতুৰ তেন্তে উন্নতিৰ ইমান মিছা ঢাক-ঢোল বজোৱাৰ কাৰণবা কি? তাৰ মাজতো এটা প্ৰশ্নই তথাপিতো অৱতাৰণা কৰাৰ থল আছে। সেইসকলৰ  প্ৰকৃততে কিমান সংখ্যকে বিধি সন্মতকৈ লোন লৈছে। মই নিজেই বহু মানুহ দেখিছো যিবোৰ গোটৰ সদস্যও নহয় অথচ গোটৰ সদস্য জনক আগবঢ়াই দি তেওঁ নামত দুই-তিনিটাকৈ লোন লৈ সুবিধাবাদি শ্ৰেণীটোৱে গাড়ী, টিভি, ৱাছিং মেছিং আৰু ঘৰ বনাই আজাদিকৈ আছে। মই ক'ব খোজা নাই যে সকলোৱে সেই একে ধৰণৰ পন্থাই অৱলম্বন কৰিছে। পাৰিলে চৰকাৰে সকলোকে মাফ কৰি দিয়ক। কিন্তু এনেকুৱা হ'ব নালাগে যাতে এটা সুবিধাবাদীৰ শ্ৰেণীৰ প্ৰতি মোহ জাগি নিজেই অন্ধ হৈ পৰে। যাৰ বাবে প্ৰত্যেক জন নাগৰিকে মূৰৰ ওপৰত আনাগত ভৱিষ্যতে এটা ডাঙৰ বোজা ল'ব লগাত নপৰে।

চৰজ্ঞানকমল)  নেতেই হওঁক অথবা বিৰোধী বিধায়কৰ দলেই হওঁক ৰাইজৰ সমজুৱা উন্নতিলৈ পিঠি দি একমাত্ৰ ভোটৰ স্বাৰ্থতে মাইক্ৰফাইনেঞ্চৰ লোন মাফ কৰাত উঠি পৰি লাগিছে। অসমৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত বানপানীৰ সমস্যা, চৰকাৰী উদ্যোগৰ নিঃশেষ হ'বলৈ ধৰা অৱস্থা, নিবনুৱা সমস্যা আদি অতি গুৰুত্ব পূৰ্ণ জৰ্জৰ সমস্যাবোৰ থকা স্বত্বেওঁ চৰকাৰৰ বৰ্তমান সময়ত অসমৰ সমস্যাবোৰ চকু নপৰি অকল মাইক্ৰফাইনেঞ্চৰ লোন মাফৰ চিন্তাত থকাটো অতি দুখৰ বিষয়। লগত সংবাদ গোষ্ঠীকো মই এজন সাধাৰণ নাগৰিক হিচাপে ক'ব খোজো আপোনালোকো এই ধৰণৰ বাতৰিবোৰ পৰিৱেশন কৰাৰ পৰা বিৰত থাকি সচা সমস্যাবোৰ দাঙি ধৰাত মনোনিৱেশ কৰক। এজন বিধায়কক জনসাধাৰণে বহু আশালৈ পাঁচ বছৰৰ বাবে বিধান সভালৈ নিজৰ নিজৰ সমষ্টিৰ অভাৱ অভিযোগ দুৰ কৰিবৰ কাৰণে পঠায়। যদি এই সৰু সৰু নিৰ্বাচন কেন্দ্ৰীক মুখচুপতিৰ মৌখিক কথাবোৰেই শিলৰ ৰেখাৰ দৰে প্ৰধান সমস্যা হৈ পৰে তেন্তে মূল সমস্যাবোৰ পাচ বছৰৰ পাছত সমাধা কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিব। কাৰণ নিৰ্বাচনত পাৰ্টি আৰু নিজৰ লাভা-লাভৰ বাবে বহু প্ৰাৰ্থিয়ে কুকুৰ -মেকুৰীৰ পৰা পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়লৈকে কৈ ভোট আদাই কৰা দেখিছো। সেইবোৰটো আজি লিখিত প্ৰতিশ্ৰুতিৰ দৰে ৰাইজে বা সংবাদ গোষ্ঠিয়ে বাৰে বাৰে দেখুৱাই সাধাৰণ জনতাক ব্যতিব্যস্ত  কৰা নাই। যদি আপোনালোকৰ ৰাজ ভঁৰাল ইমানেই টনকিয়াল তেন্তে নিলামত যাব ধৰা উদ্যোগ, বহিঃৰাজ্যৰ কবলত থকা অসমৰ ভূমি আদিবোৰ উদ্ধাৰ কৰক। তেতিয়া অন্তত পাচবছৰ পাছত আপুনি বিচৰা ভোটকেইটা নাপালেওঁ ৰাজ্যৰ হৈ কৰা বলিষ্ঠ কামবোৰ দেখি বাকীথকা  সকলো সুহৃদয়বান জনগণই  আপোনালোকক আদৰি আনি পুনৰ শাসনৰ বাকজড়ী তুলি দিব। তাত কোনো কৃত্ৰিমতা নাই।

✍️মিন্টু হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)