যন্ত্ৰণাৰ চকুলো-পূৰ্ণিমা হালৈ

Rinku Rajowar
0
বিয়াৰ পাছত এহাল স্বামী- স্ত্ৰী প্ৰেমিক প্ৰেমিকা হোৱাটো পৰম সৌভাগ্যৰ কথা। মোৰো হৈছিল,বিয়াৰ পাছত মইয়ো এজনী প্ৰেমিকা হৈ পৰিছিলো,এগৰাকী পত্নী হৈ মোৰ হৃদয়তো লুকাই থকা প্ৰেমিক চৰাই জনী ক্ৰমে বাহিৰলৈ ওলাই আহিছিল।
               চহৰৰ সুখ্যাত ব্যৱসায়ী প্ৰতীম শৰ্মাৰ লগত মোৰ বিয়া ঠিক হৈছিল।বিয়াৰ বাবে মই একেবাৰে প্ৰস্তুত নাছিলোঁ। এফালে নৰিয়াত পৰি থকা দেউতা,আনফালে ভাইটি হঁতৰ দায়িত্ব ল'বলৈ উপযুক্ত কাৰোবাক প্ৰয়োজন হৈছিল।মায়ে এনেধৰণৰ হাজাৰটা দোমোজাত পেলাই মোক বিয়াত বহিবলৈ মান্তি কৰাইছিল। কেতিয়াও চিনি নোপোৱা এজন মানুহৰ সৈতে মই আজীৱন লগত থকা কথা কেতিয়াও ভাবিবই পৰা নাছিলোঁ।প্ৰতীম শৰ্মাক মই আগেয়ে কাহানিও লগ পোৱা নাই যদিও এদিন চকা- মকাকৈ দেখিছিলো তেতিয়াই মোৰ তাক ভাল লগা নাছিল। তথাপিও মাৰ বয়সে কুঙা কৰা মুখ খনলৈ চাই মই বিয়াত বহিছিলোঁ। দৰা আহি পোৱা সময় খিনিত বুকু খন প্ৰচণ্ড বেদনাত কঁপি উঠিছিল,এনেকুৱা লাগিছিল যেন গুছি যাম এতিয়াই ক'ৰবালৈ।সেইদিনাই হোমৰ গুৰিত অগ্নিক সাক্ষী কৰি শপত খাইছিলো এজনী পত্নী হৈ মাত্ৰ মই দায়িত্ব খিনি হে পালন কৰিম,কেতিয়াও প্ৰতীমৰ ঘনিষ্ঠ হ'ব নোৱাৰিম,যদি মা দেউতাৰ সুখৰ কাৰণে মই এইখিনি কৰিবলগীয়া হয় তেন্তে মই পাৰিম বাহিৰে মানুহক সুখী হৈ দেখুৱাব। ক'ব নোৱাৰাকৈ দুটোপাল চকুপানী সৰি ক'ৰবাত হেৰাই গৈছিল।কোনেও সোধা নাছিল মোক সেইদিনা যে মোৰ কেনেকুৱা লাগিছিল। শয্যাগত দেউতাক ভৰিত ধৰি সেৱা কৰি ওলাই আহিছিলো। একমাত্ৰ জী ওলাই যোৱাৰ বেদনাত মায়ে হিয়া ভুকুৱাই কান্দিছিল,দেউতাই মুখেৰে একো কোৱা নাছিল মাত্ৰ কান্দিছিল।পাছলৈ এবাৰো নোচোৱাকৈ ওলাই আহিছিলো।নিজৰ ঘৰ খনক চিৰদিনৰ বাবে এৰি অহাৰ দুখত বুকুখনে উচুপি উঠিছিল। প্ৰতীমৰ ঘৰ গৈ পোৱাৰ পাছতে সেই ৰাতিয়েই সি মোৰ লগত চুক্তি কৰিছিল যে আমাৰ বিয়া এক বুজাবুজিতহে হৈছে ।মোৰ দৰে সিও বাধ্যত পৰি দেউতাকৰ কথা মতেই মোক বিয়া কৰাইছে।প্ৰতীমৰ অন্য প্ৰেয়সী আছে।কিন্তু প্ৰতীমৰ দেউতাকে তাইক গ্ৰহণ নকৰে,গাঁৱৰ সহজ সৰল ছোৱালী বাবেই দেউতাকে মোক বিয়া কৰাবলৈ তাক ৰাজী কৰাইছে। গতিকে সমাজক দেখুৱাইহে আমি পতি- পত্নী হিচাপে থাকিব পাৰিম তাৰ বাহিৰে আন একো সম্পৰ্ক হ'ব নোৱাৰে আমাৰ মাজত।সেইদিনাই আমাৰ শোৱাৰ ৰোম বেলেগ বেলেগ হৈছিল।এটা ৰোমত প্ৰতীমে ওৰে নিশা প্ৰেয়সীৰ হৈছে গোপন বাৰ্তা চলাই আৰু আনটো কোঠাত মই মুখ লুকুৱাই কান্দো।
          বিয়াৰ ৬ মাহ পাৰ হৈছিল।শহুৰ দেউতা ঢুকাইছিল।এই ৬ মাহত কেতিয়াও মই প্রতীমৰ মুখলৈ চাই কথা কৈ নাপালো,সিও মোক কেতিয়াও পত্নীৰ মৰ্যদা দি নাপালে। পৰা পক্ষত তাৰ সন্মুখত মই ওলাবলৈ নিবিচাৰোঁ। খোৱা বোৱাৰ সংযোগ থকাৰ বাদে আমাৰ মাজত আন একো সংযোগ নাছিল। দিন ৰাতি একাকাৰ হৈ পৰিছিল। নাযায় নুপুৰাই দিন বোৰত ঘৰলৈ বৰকৈ মনত পৰিছিল, খং উঠিছিল। মা -দেউতাই মাত্ৰ নিজৰ কথা ভাবি এটা গুৰুত্বহীন সম্পৰ্কত মোক বিসৰ্জন দিলে। তথাপিও কেতিয়াও অভিযোগ কৰা নাছিলোঁ। প্ৰতীমে মোক বৰ মৰম কৰে বুলিয়েই ঘৰলৈ খবৰ পঠিৱাও।দিনবোৰ পাৰ হৈ মাহ হৈছিল আৰু মাহ বোৰ পাৰ হৈ বছৰ। এক শূণ্যতাই মোক আৱৰি ধৰিছিল, কওঁ বুলিলেই কাকো একো ক'ব পৰা নাছিলোঁ। প্ৰতীমৰ পৰা একো সহায় পোৱা নাছিলোঁ।সি ব্যস্ত আছিল অন্য এখন পৃথিৱীৰ সৈতে আৰু এদিন মাজ নিশা প্ৰতীমক উচুপি থকা দেখিছিলো।তাক কিবা সোধাৰ সাহস মোৰ নাছিল যদিও দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত তাৰ কান্ধত হাত খন থৈ সুধিছিলো। হাত খন দিয়াৰ লগে লগে সি এটা সৰু লৰাৰ দৰে কান্দি কান্দি মোৰ বুকুত সোমাই পৰিছিল। এনেকুৱা লাগিছিল যেন বহু দিনৰ পৰা তাক কান্দিবলৈ কাৰোবাৰ আশ্ৰয়ৰ প্ৰয়োজন হৈছিল,কান্ধত সহায়ৰ এখন হাত প্ৰয়োজন হৈছিল। কান্দি কান্দি সি মোক কৈছিল যাৰ কাৰণে অত'বছৰে সি মোক অৱহেলা কৰিছিল,যাৰ কাৰণে সি মোক পত্নীৰ মৰ্য্যদা দিব পৰা নাছিল সেই প্ৰেয়সীয়ে তাক প্ৰবঞ্চনা কৰি তাৰ পৰা একেবাৰেই আঁতৰি গ'ল। সি কৰা ভুলৰ বাবে মোক ক্ষমা বিচাৰিছিল। পুৰুষৰ চকুত এনেদৰে চকুপানী মোৰ সহ্য হোৱা নাছিল। মইয়ো কান্দি উঠিছিলো।তাক দুহাতেৰে সাৱটি কান্দিবলৈ দিছিলো হেঁপাহ পলোৱাই। কান্দি কান্দি সি শুই পৰিছিল।তাক শুৱাই ওৰে নিশা মই তাৰ ওচৰত ৰৈ আছিলোঁ।সেই দিনা প্ৰথম বাৰলৈ প্ৰতীমলৈ মোৰ মৰম উপজিছিল। সৰু লৰাৰ দৰে মোৰ বুকুত সোমাই কান্দিবলৈ বিচৰা কথাটোৱে মোক গোটেই ৰাতি আমনি কৰিছিল। 
                লাহে লাহে সি সহজ হৈ পৰিছিল।অফিচৰ পৰা সোনকালে আহি মোৰ অজানিতে সি ইটো সিটো কাম কৰি দিছিল। মই বুজিব পৰিছিলো কাৰোবাক হেৰুওৱাৰ বেদনাত আজি সি মোৰ উপস্থিতি অনুভৱ কৰিছে।লাজুক লাজুককৈ সি মোৰ প্ৰতিটো খবৰ ৰাখিছিল।তাৰ যত্নত তাৰ প্ৰতি থকা খং,অভিমান সকলো খিনি লাহে লাহে ভাঙি গৈছিল। তথাপিও কেতিয়াও আমি দুয়োটাই ইটোৰ সিটোৰ চকুত চাই কথা কোৱা নাছিলোঁ।আমাৰ মাজত কথা খুব কম হৈছিল যদিও দুয়োৰে মৌনতাই হাজাৰ কথা কৈ পেলাইছিল।তাৰ দুচকুত ফুটি উঠা প্ৰেম প্ৰেম লগা চাৱনীৰ পৰা মই নিজক লুকুৱাই ৰাখিছিলো। চোৰ কৰি তাক চাইছিলো, সি যে মোৰ প্ৰেমত পৰিছিল সেই কথা গম পাই মই তাৰ পৰা পলাইছিলো কিন্তু এক অদ্ভুত শক্তিয়ে মোক তাৰ ওচৰ চপাই আনিছিল। খং,অভিমান আৰু বিদ্বেষে গঢ়া প্ৰাচীৰ ভাঙি ভালপোৱাৰ নৈ খন বৈ আহিছিল মোৰ হৃদয়লৈ। নতুনকৈ প্ৰেমত পৰা মনটোৱে উৰা মাৰিছিল নতুন হেঁপাহত, জীয়াই থকাৰ উৎসৰ সন্ধানত।অফিচৰ পৰা ঘনে ঘনে সি মোৰ খবৰ লৈছিল,মইয়ো যেন তাৰ ফোনৰ বাবেই অপেক্ষা কৰি থাকোঁ।এদিন অফিচৰ পৰা আহিয়েই তাৰ গাত তত্ নাই।মোক কৈছিল." অনুৰাধা যোৱা সোনকালে ওলোৱা,পাৰ্টি এটা আছে"। আইনাৰ সন্মুখত বহি সি নিজেই মোক সজাই দিছিল। আইনাৰ সিপাৰে মই মাত্ৰ তাক চাই ৰৈছিলো সি নজনাকৈ,বাৰে বাৰে তাৰ প্ৰেমত পৰিছিলো।
          বিয়াৰ ৩ বছৰ হৈ গৈছিল। সাংসাৰিক জীৱনটো আমাৰ সাধাৰণ হৈ পৰিছিল। প্ৰেমিক প্ৰেমিকাৰ লগতে ভাল পতি পত্নিও।লাহে লাহে মোৰ বুকুত কেঁচুৱা এটাই বৰকৈ আমনি কৰিবলৈ ধৰিছিল তাৰ পাছত তই জন্ম হ'লি জেউতি।
           ভাবিছিলো এই সময় বোৰে পাছতো আমাক লগ দিব কিন্তু সেইটো হৈ নুঠিল। তোৰ জন্মৰ পাছতে দেউতাৰাৰ মতিগতি আকৌ সালসলনি হোৱা দেখিছিলো। দেউতাৰাৰ চকুত ধৰিব পাৰিছিলো অন্য এহাল ঘৃণাৰ চকু, অন্য নাৰীৰ প্ৰেমত মচগুল চকু।ধৰিব পাৰিছিলো মোৰ প্ৰতি অবাধ বাঢ়ি অহা তীব্ৰ খং আৰু বিদ্বেষৰ ভাৱ।আৰু সেই মোৰ সন্দেহ সঁচা হ'বলৈ বেছি দিন নালগিল। সোনকালেই গম পাইছিলো প্ৰতীমৰ অন্য নাৰীৰ সৈতে থকা গোপন প্ৰেম। মোৰ ভালপোৱা বোৰ দহি দহি শেষ হৈ গৈছিল,হেৰুৱাই পেলোৱাৰ তীব্ৰ যন্ত্ৰণাত বুকু খনে ছটফটাই উঠিছিল।মই নোৱাৰিলোঁ আৰু সহি থাকিব,কাকো অভিযোগ নকৰিলোঁ সেয়েহে নিজৰ ৰাস্তা নিজে বাছি ললোঁ। মই আত্মহত্যা কৰিলোঁ মাজনি, তোক ২ বছৰতে এৰি থৈ আহিলো। মই জানো তই এই ডায়েৰী খন পঢ়িবলৈ পোৱালৈ বহুত ডাঙৰ হ'বি গৈ। মোক মাফ কৰি দিবি মাজনী। মোৰ ভালপোৱা বোৰ মিছা হৈ গ'ল।
" মাজনী ক'ত আছ? ইমান দেৰি ভিতৰতে আছ যে?"
 দেউতাকৰ মাতত জেউতি এটা তেজলগা অতীতৰ পৰা বাস্তবলৈ উভতি আহিল। বিছনাৰ তলত পৰি থকা ফটা ডায়েৰী খনৰ পাঠ কেইটা হাতত লৈ তাই চকুৰ পানীৰে বাট নেদেখা হৈছে। ৫ বছৰ বয়সৰ পৰা হোষ্টেলত থাকি মাক দেউতাকৰ মৰম বোৰ তাই পাহৰি গৈছিল।তাই সৰুতে যেতিয়া দেউতাকক মাকৰ কথা সুধিছিল তেতিয়া দেউতাকে মাক ক'ৰ'বালৈ যোৱা বুলি কৈছিল। মাক ঘূৰি আহিব আহিব বুলি তাই ২০ টা বসন্ত অতিক্ৰম কৰিলে।বুজা হোৱাৰে পৰা হোষ্টেলৰ গেটৰ ওচৰত আহি ৰৈ থাকে কিজানিবা আন মাক দেউতাকৰ নিচিনাকৈ তাইকো মাক দেউতাকে লগ ধৰিবলৈ আহে। এতিয়ালৈকে তাই সেইটো আশাই বুকুত বান্ধি লৈ ফুৰিছিল যে তাইৰ মাক এদিন তাই ওচৰলৈ আহিব কিন্তু ... কিন্তু আজিৰ পৰা তাইৰ মাক আৰু কেতিয়াও উভতি নাহে।মাক এতিয়া এক অজান পৃথিৱীৰ বাসিন্দা। ইমান দিনে দেউতাকে তাইৰ পৰা কথা বোৰ লুকুৱাই ৰাখিছিল। তাই গম পাই বুলিয়েই দেউতাকে সৰুতেই তাইক বৰ্দিং স্কুলত দি দিছিল।কেতিয়াও তাইৰ খবৰ লোৱা নাছিল মাত্ৰ মাহে মাহে খৰচ পঠিয়াই আছিল।বন্ধত ঘৰলৈ অহাৰ কথা ক'লে দেউতাক জাঙুৰ খাই উঠিছিল।বুজা হোৱাৰে পৰা দেউতাকৰ এই ব্যৱহাৰ বোৰত তাইৰ সন্দেহ জন্মিছিল যদিও পাছ মূহুৰ্ততে আকৌ পাহৰি পেলাইছিল। এইবাৰ তাইৰ পঢ়া শেষ হৈছে। ঘৰলৈ অহা কথা টো শুনি প্ৰথমতে দেউতাকৰ খং উঠিছিল।
" কিয় নাযাম সেই খন মোৰ নিজৰ ঘৰ,তাৰলৈ নগৈ আকৌ মই ক'লৈ যাম?" এনেদৰে যুক্তি দি তাই দেউতাকক ঘৰলৈ অহা কথা কৈছিল শেষত দেউতাকে বিৰক্তিৰে তাইৰ কথাটো মানি লৈছিল। কিন্তু এতিয়া .... ? এতিয়া তাই কি কৰিব? মাকৰ মৃত্যুৰ দায়ী কোন? দেউতাকক তাই মাফ কৰি দিব নে এটা মৰা অতীত বুলি সকলো কথা পাহৰি যাব?
নাই তাই দেউতাকক মাফ কৰিব নোৱাৰে।কি নাছিল তাইৰ মাকৰ? নিজৰ সমস্ত খিনি উজাৰি দেউতাকক ভাল পাইছিল,হোমৰ গুৰিত কৰি অহা প্ৰতিজ্ঞা পাহৰি পেলাইছিল আৰু বিনিময়ত দেউতাকে কি দিলে বিশ্বাস ঘাটকতা! পৰকীয়া প্ৰেমে মাকক জীয়াই জীয়াই মৃত্যুৰ মুখলৈ ঠেলি দিলে। লগলগ তাই আলমাৰিত থকা কাপোৰ বোৰ জাপিবলৈ ধৰিছে।
" মাজনি ক'ত যাৱ?"
দেউতাক সোমাই আহিল।দেউতাকৰ প্ৰতি ঘৃণা ভাৱ এডৰা বুকুত লৈ তাইৰ চকু দুটাই টগবগাই উঠিল। 
" আজিলৈকে মই এটা আশাত জীয়াই আছিলোঁ যে মা ঘূৰি আহিব এদিন নহয় এদিন কিন্তু তুমি কি কৰিলা দেউতা? তোমাৰ অবৈধ সম্পৰ্কৰ কথা গম পাই মায়ে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল।মোক কিয় মিছা কৈছিলা দেউতা? সৰুতেই মা দেউতাৰ মৰমৰ পৰা বঞ্চিত হ'লো।তুমি আছা বাবেই মাৰ অভাৱ অনুভৱ নকৰা হৈছিলোঁ। মাৰ অবিহনে আজি এই ২০ টা বসন্ত পাৰ কৰিলোঁ দেউতা।কিমান অসহ্যকৰ এই যন্ত্ৰণা?ঘৰলৈ যোৱা কথা কলে তুমি খং কৰা, তোমাৰ প্ৰেম ধৰা পৰে বুলি, এই ২০ টা বছৰত দায়িত্ব কি বুজি পাইছিলা নে?প্ৰেমত অন্ধ হৈ এজনী ছোৱালী আছিল বুলি পাহৰি গ'লা? মায়ে তোমাক কি দিয়া নাছিল?কিহৰ কাৰণে তুমি এতিয়াও আনৰ সৈতে সম্পৰ্ক ৰাখিব লগা হৈছে? প্ৰতিপাল কৰাৰ এলাহত সৰুতেই এৰি দিছিলা অচিনাকি ঠাইত। মোক আৰু একো নালাগে দেউতা ।অকলে থকাৰ অভ্যাস হৈ গ'ল।মা কেতিয়াও ঘূৰি নাহে বুলি জানিলো এতিয়া। মই যাওঁ গৈ , যি খন ঘৰত মোৰ কোনো আশ্ৰয় নাই সেই ঘৰত মই আৰু নাথাকো।
দেউতাকক যেন কথা বোৰে তাই এপাত শেলেৰেহে শেলিছে। দেউতাকক একো এটা ক'বলৈ সুযোগ নিদি কান্দি কান্দি জেউতি ওলাই গ'ল এক নতুন জীৱনৰ সন্ধান বিচাৰি।

সমাপ্ত।

✍️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)