কেতিয়াও চিৰস্থায়ী নহয়
এই কথাৰ সত্যতা জানিও
বহুত সপোন দেখো
বহু কল্পনা কৰোঁ
ভৱিষ্যত জীৱনক লৈ।
কিন্তু মোৰ সপোনবোৰ, কল্পনাবোৰ
সময় বাগৰি যোৱাৰ লগে লগে
মাথোঁ সকলো হৈ যায় স্মৃতি,
আৰু মোৰ সংগী হৈ পৰে
কান্দোন আৰু উদাসীনতা
মোৰ সকলো আশা ভাঙি চিঙি
নিৰাশাত পৰিণত হ'ল।
তথাপিও মনৰ মাজত
সাঁচি ৰাখিছোঁ সপোনবোৰ
আৰু কল্পনাবোৰ
কিজানিবা কোনোবা এদিন
মনৰ নিজানত জোনাক ফুলে।
কিন্তু কেতিয়াবা কিছুমান কথা ভাবিলে,
মোৰ অন্তৰখন কঁপি উঠে।
তেতিয়া মই বাকৰুদ্ধ হৈ পৰো
অস্থিৰ হৈ পৰে মোৰ মন
মই কিয় সহি আহিব লাগে
মিছা অপবাদৰ যন্ত্ৰণাবোৰ।
মানুহ ইমান স্বাৰ্থপৰ হ'ব পাৰেনে
মই আজিহে বুজিলো
কিছুলোকে মোক নিজ
স্বাৰ্থতহে ব্যৱহাৰ কৰে
মিছা আশা দি মোৰ
হৃদয় ভাঙে।
তেতিয়া মই কোন সতে
মানুহৰ ওপৰত বিশ্বাস কৰিম কোৱা
নালাগে , নালাগে মোক
কোনেও বুজি পাবলৈ
মই মোৰ মতে জীয়াই থাকিম।
✍🏻দিপশিখা ৰাজকোঁৱৰ।
দ্বাদশ শ্ৰেণী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ