এদিন আপুনিও বুঢ়া হ'ব-অভিজিত মজুমদাৰ

Aditi Tanti
0
এদিন আপুনিও বুঢ়া হ'ব
আপোনাৰ ছালবোৰ শোতোৰা পৰিব,
এখোজ দুখোজ আগবাঢ়ি ভাগৰি পৰিব
কাৰোবাৰ বাবে বোজা হৈ পৰিব।
কাণেৰে , চকুৰে দুৰ্বল হৈ আহিব দেহটো
বুকুত থাকিব অজস্ৰ সপোন
কিন্তু...!
আজিৰ দপদপাই থকা মানুহজনে
এদিন চকুলো টুকি মৃত্যুৰ ক্ষণ গণি থাকিব,
আপুনি নাথাকিলেও যেন সকলো সুখী
নিজৰ ঘৰতেই যেন আলহী আপুনি।
শিশু সুলভ স্বভাৱবোৰ যেন ঘূৰি আহিব আপোনাৰ
কাৰ সহায় বিচাৰিম
সকলো যেন ব্যস্ত,
একুৰি বেমাৰে আগুৰি ধৰিব আপোনাক
ভাবক,এদিন আপুনিও বুঢ়া হ'ব।।

আজি ডেকা ডেকা বুলি চিঞৰি থকা মানুহটো
কাৰোবাৰ ককা হৈ যাব,
নিজকে দাপোণৰ সন্মুখত চাব পাৰিব ?
মনত নপৰিবনে আজিৰ প্ৰতিটো দিন ?
ঘূৰাই নিবিচাৰিবনে আজিৰ দিনবোৰ ?
বুঢ়া হ'বৰ মন যায় জানো আপোনাৰ ?
বুঢ়া হ'বৰ মন যায় জানো কাৰোবাৰ ?

সকলোৰে অপ্ৰয়োজনীয় হৈ পৰা প্ৰত্যেক গৰাকী বুঢ়া মানুহে নিবিচাৰে বুঢ়া হ'বলৈ।নিজকে দুৰ্বল তথা নিজকে এটি শিশুৰ দৰে সজাবলৈ।
ভয় কৰোঁ আমি বুঢ়া হ'বলৈ।
কিন্তু আন বৃদ্ধ হৈ থকা মানুহ খিনিৰ দুখ বুজিবলৈ টান পাওঁ আমি।
বৃদ্ধাশ্ৰমলৈ দলিয়াই দিওঁ নিজৰ ঘৰখন শুৱনি কৰিবলৈ।।

এদিন আপুনিও বুঢ়া হ'ব।
কিহক লৈ অহংকাৰী আপুনি ?
ধন সম্পত্তিৰ বাবে কিহৰ লোভ আপোনাৰ ?
পাৰিব নিজকে ডেকা কৰি ৰাখিব!
পাৰিব ?
এদিন আপুনি বুঢ়া হ'বই।।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)