১/ ৬৮ চনত ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
২/ ১৫৩৫ চনত স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
৩/ ১৭৫৩ চনত ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
৪/ ১৯৩১ চনত প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।
৫/ ১৭৭৬ চনত ইটালীৰ পদাৰ্থবিজ্ঞানী এমাদিঅ এভ'গেদ্ৰৰ জন্ম হয়। তেঁও এভ'গেদ্ৰ সূত্ৰ আৰু এভ'গেদ্ৰ সংখ্যাৰ (এই সংখ্যাৰ আনুমানিক মান ৬.০২ × ১০২৩) আৱিষ্কাৰক।
৬/ ১৭৮১ চনত ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ জন্ম।(মৃ.১২/০৮/১৮৪৮)
৭/ ১৯৪৯ চনত অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ পৰিসেৱা কৰ্মকৰ্তা আৰু সামাজিক কৰ্মী কিৰণ বেদিৰ জন্ম।
৮/ ১৯৬৩ চনত মাৰ্কিন অভিনতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সুৰকাৰ জনি ডেপৰ জন্ম।
৯/ ১৯৭৫ চনত ইংলেণ্ডৰ বাৰ্মিংহামত জন্মগ্ৰহণকাৰী অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছৰ জন্ম।
১০/ ১৯৭৬ চনত বলিউডৰ অভিনেত্ৰী অমীশা পেটেলৰ জন্ম।
১১/ ১৯৮৫ চনত বলিউডৰ অভিনেত্ৰী সোণম কাপুৰৰ জন্ম।
১২/ ১৮৭০ চনত ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ মৃত্যু।(জ.০৭/০২/১৮১২)
১৩/ ১৯০০ চনত ভাৰতৰ ৰাঁচি অঞ্চলৰ মুণ্ডা আদিবাসী তথা সমাজ সংস্কাৰক বিৰছা মুণ্ডাৰ মৃত্যু।(জ.১৫/১১/১৮৭৫)
১৪/ ২০১১ চনত ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্প মকবুল ফিদা হুছেইনৰ মৃত্যু।(জ.১৭/০৯/১৯১৫)
১৫/ আজি আৰ্ন্তজাতিক আৰ্কাইভচ্ দিৱস। ৰে
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ