আজি প্ৰায় এক বছৰেই হ'ল। তাৰ অভাৱত মোৰ ক্ৰন্দনাৰত সংসাৰত বিননি। স্বাভাৱিকতে স্মৃতি জাগ্রত হয় মাথোঁ প্ৰত্যেকটি ক্ষণত। দেশৰ হকে প্ৰাণ আহুতি দি; সি স্বৰ্গগামী। কিন্তু মোৰ কথা নাভাবিলে লগতে কণমানি দুজনীৰ কথা অকনো নাভাৱিলে ! কি হ'ব, মোৰ অবিহনে কেনেদৰে আশ্ৰয় ল'ব ! নিশ্চয়তাত থিতাপি লৈ, সি আৰু নাই।
গাভৰু জীৱনত উকা সাজ পিন্ধিলোঁ, সদায় জানো এনেদৰেই জীয়াই থাকিব পাৰিম! ভাবি হতাশাক প্ৰশ্ৰয় দিওঁ, কিজানিবা সমাজত দোষ কৰি পাকচক্ৰত সোমাই পৰোঁ। অত্যাধিক অযুক্তিকৰ প্ৰশ্নপদ ? মাথোঁ অন্ধকাৰৰ গ্ৰাসত ম্লান পৰি হীনমন্যতাত আশ্ৰয় লওঁ সাৰথি কৰি ।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ