সৌসিদিনা গৰুৰ খোজত বেলিটো গাভৰু হোৱা পৰত তোৰ মুখখনি ৰঙা হোৱা দেখিছিলোঁ। বৰ আমনি কৰিছিল তগৰফুলীয়া ভাৱনাবোৰে। মন হাঁকুটিৰে সোণাৰুৰ হালধীয়াবোৰ পাৰি তোৰ দুগালত সানি দিবলৈ কাজিনেমুৰ দৰে ৰসপূৰ্ণ হৈছিল মোৰ হাত দুখনি। জেতুকা বুলীয়া তোৰ দুহাত আৰু ঘোঁৰানেজীয়া দীঘল চুলিকোছাৰে লাহটি খোপা বান্ধি যেতিয়া তই বৰ বিহুতলীত ননৈ,নোৱানৈক একাকাৰ কৰি নাচোনৰ চমক দেখুওৱা, কিমান যে ভোমোৰাৰ সপোনবোৰ মিঠা হৈ জাগি উঠে তেতিয়া। ব'হাগৰ ৰাতিবোৰে বৰকৈ আমনি কৰে মোক তেতিয়া। বুকুৰ পলসবোৰ এখোপ ওপৰলৈ উজাই আহে আৰু তোৰ দুগালত দুটি চুমা আঁকিবলৈ বৈ যায় অলকানন্দাৰ সোঁত। বৰ বিহুতলীত তোৰ মহুৰা নাচ চাবলৈ বৰ আঁহতজোপাই বৰ হেঁপাহৰে ৰৈ আছে। মৰমবোৰ নহয় যেন ব'হাগৰ বৰদৈচিলা। বাৰীৰ ছিৰাল-তিঁহু হৈ মনত সযতনে পকি আছে বহুতো কথা। ৰুগীয়া আইয়ে নোৱাৰা হৈছে দিবলৈ ,ব'হাগত নৈ হৈ ব'ব খোজা বিহুৱানখন। বুঢ়া পিতাৰো মনটো এতিয়া অশান্ত আকাশত উদিত হোৱা অভিমানী সূৰুয। সকলোবোৰ বুজিলোঁ। কঁঠালে মুচি পেলোৱা দিনবোৰ তোৰ উঠন বুকু খনিত এতিয়া সেউজীয়া হ'বলৈ গৈ আছে। তই চাগে বুজিছ তই অবিহনে মোৰ উকা তাঁতশালৰ ব্যথা। বসন্তৰ সেউজীয়া আৱিৰ সানি তোৰ স'তে একাকাৰ হ'ম অহা ব'হাগত। নাহৰজোপা ফুলিবলৈ ৰৈ থাকিব মোৰ কেতেকী ফুলীয়া বাগিচাখন।
ইতি
তোৰ মৰমৰ
বিহুতলীৰ বাখৰ।
-------***--------
✍️দিব্যজ্যোতি ডেকা।
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ