বিশ্ব পৰিৱেশ দিৱস-অমিয়া দেৱী বৰঠাকুৰ

©Admin
0
ক্ষিতি অপ তেজ মৰুৎব্ৰুম
বায়ু , সূৰ্য দশো দিশ জল আৰু স্থলৰ বুকুত
সৃষ্টি হ'ল ধৰণীত চাৰি মুঠি জীৱ।
তৰু-তৃণ , গুল্ম-লতাৰে- পাহাৰে ভৈয়ামে 
সেউজীয়া ৰঙ সানি
সত্য শিৱ সুন্দৰক কৰিছা বিকাশ
জান-জুৰি , নদ-নদী , নিজৰা-নিজৰি
মনোৰম জলৰাশিৰ কৰিছে প্ৰকাশ।
মানৱৰো ক্ৰমবিকাশ এই ধৰণীৰ বুকুত
জ্ঞান আৰু বিজ্ঞানৰ জ্যোতিৰে 
প্ৰযুক্তিৰ নানান কৌশল হৈছেহি প্ৰয়োগ
লোভ , মোহ , আকাংক্ষাত 
বিনন্দীয়া সৃষ্টিৰ বুকুত বৰ্বৰতাৰে
তিল তিলকৈ ধ্বংস যজ্ঞৰ হ'ল আয়োজন।
মানৱেই ৰক্ষক মানৱেই ভক্ষক
মানৱেই দানৱ ৰূপী বিনাশী তক্ষক
চন্দ্ৰ , সূৰ্য , বায়ু , বৰুণ দেৱতা গণকো
মানৱেই কৰে কক্ষচ্যুত।
পৰ্বত-পাহাৰ , নদ-নদীত ঘটাইছে ব্যাঘাত
প্ৰদূষিত কৰিছে কেৱল মানুহে
দুৰ্ভাগ্য যাতনাও ভূগি আছে মানৱে
তাৰে প্ৰতিক্ৰিয়াত
তুষাৰপাত , ব্ৰজপাত , উষ্ণতা , মৰুতা -
ক'ৰণা ভাইৰাচ আদি
বাঢ়িছে প্ৰকোপ  এই পৃথিৱীত
নৈতিকতা , বৌদ্ধিকতা , মানৱীয়তা
গুনৰাজিৰো ঘটিছে স্খলন
তথাপিও এই ধৰা মানৱৰ হাতত
নিতে নৱ সৃষ্টি মনত জাগক।
সেউজীয়া উন্মেষৰে  সৌন্দৰ্য জ্যোতি হৈ
জনতাৰ প্ৰাণে প্ৰাণে প্ৰতিজনে
সেউজ ধৰণী গঢ়াৰ
সংকল্পৰ গছ পুলি ৰুই
পাতোঁ‌ আমি সততাৰে আজি
বিশ্ব পৰিৱেশ দিৱস।।


✍️অমিয়া দেৱী বৰঠাকুৰ।
     কমলাবাৰী, মাজুলী।
     যোগাযোগ নং : ৬০০৩৫৪৩৮৭৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)