ন্যায়ৰ বাবে
নৈতিকতাৰ বাবে
মানৱ সেৱাৰ বাবে
সমাহৰ্তাৰ আৰামদায়ক জীৱন পৰিত্যাগ কৰি,
সাংবাদিকতাৰ কাঁইটীয়া জীৱনক আকোঁৱালি লোৱা
তেওঁ অসমৰ ত্যাগী সন্তান।
বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতিৰ বাবে
তেওঁ জ্ঞানৰ সন্ধান কৰিছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰ, এইচ জি ওৱেলছ
যোছেফ ষ্টলিন, এমিন লুডৱিগৰ জীৱন দৰ্শনত।
কুৰি শতিকাৰ কমিউনিষ্ট ইউট’পিয়াৰ
নামত আশীটা বছৰ বোৱা তেজৰ নৈৰ
যন্ত্ৰণাবোৰ তেওঁ অনুভৱ কৰিছিল।
ৰাছিয়াৰ কমিউনিজমৰ উৎখাতৰ
পিছত হোৱা আত্মাহননৰ স্বাধীনতা ,
মদৰ ৰাগীত আত্ম-বিস্মৰণৰ স্বাধীনতা ,
জীৱনক ধ্বংস কৰাৰ স্বাধীনতাও
তেওঁ অনুভৱ কৰিছিল হৃদয়ৰ চকুপানীৰে ।
কিতাপ পঢ়ি
প্ৰজ্ঞাৰ প্ৰদীপ জ্বলাই
কলমৰ শক্তিৰে
তেওঁ সমাজ ,মানৱ জীৱনৰ বাবে
কৰিছিল যুদ্ধ , শোষণ আৰু শোষকৰ বিৰুদ্ধে ।
স্বাধীনতা সংগ্ৰামৰ সংঘৰ্ষই
অসম আন্দোলনৰ তেজৰ নৈয়ে
মানৱতাৰ চিঞৰবোৰে
তেওঁক শক্তি দিছিল মাতৃভূমিৰ সেৱাৰ বাবে।
জীৱিত সময়ত
শাশ্বত মৃত্যুৰ সত্যতাক
ইছাৱেলৰ অনুভৱেৰে জয় কৰা
তেওঁ অসম মাতৃৰ গৌৰৱ ।
✍️মাণিক পাল
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া কৈ মোৰ কবিতাটো প্ৰকাশ কৰা বাবে 🙏🙏
ReplyDelete