আকাশ ভৰাই সোণাৰুবুলীয়া
ৰঙবোৰ
চৌদিশে সিঁচৰিত কৰি,
আনিবা আকৌ তুমি
হেৰুৱা পুৱতিৰ কোমল ৰ'দালি।
লাজৰে আৱৰণ আঁতৰাই
হেঁপাহৰ এহালি সাঁজেলি তৰাই
পোহৰাই পেলালে
শূণ্য কোঠাৰ চৌপাশ।
মোৰ শুকান হৃদয় যমুনাত
মান অভিমানবোৰ উঠলি উঠি
পাৰ ভাঙি বৈ যাব
বিশাল জলধাৰা হৈ প্ৰেম
সাগৰলৈ বুলি।
✍️নিজৰা বৰ্মন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ