১৯ জুন-আজিৰ দিনটোৰ বিশেষত্ব

Unknown
0
১৯ জুন গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৭০তম দিন। বছৰটো শেষ হ'বলৈ ১৯৫ দিন থাকে। ইতিহাসৰ পাতত  আজিৰ দিনটোৰ বিশেষত্ব- 

▪️ আজি লাইব্ৰেৰী আন্দোলনৰ জনক পুতাভাইল নাৰায়ণ পানিকাৰৰ মৃত্যুতিথি। ভাৰতৰ ৰাষ্ট্ৰীয় পঠন দিৱস হিচাপে উদযাপন কৰা হয়।

▪️ আজি বিশ্ব পদবিহাৰ দিৱস। ডব্লিউ.টি. ৰ'ব নামৰ এজন ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ গ্ৰেণ্ড হোটেলত প্ৰথমে ইয়াৰ আৰম্ভণি কৰিছিল। এই দিৱসৰ তাৎপৰ্য হ'ল মানুহক ধীৰ গতিৰে ভ্ৰমণ কৰি চৌপাশৰ সৌন্দৰ্য্য অনুভৱ কৰিবলৈ অৰ্থাৎ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি খন্তেক শাৰীৰিক- মানসিক বিশ্ৰাম ল'বলৈ উৎসাহিত কৰা।

▪️আজি বিশ্ব কাঁচি কোষ সজাগতা দিৱস। ২০০৪ চনৰপৰা বছৰি এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ তাৎপৰ্য হ'ল কাঁচি কোষ ৰক্তহীনতাৰ সম্পৰ্কে মানুহক সজাগ কৰা। 

▪️আজি কৃষ্ণাংগ স্বাধীনতা দিৱস। ১৮৬৫ চনৰ ১৯ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাধ্যক্ষ গৰ্ডন গ্ৰেজাৰে টেক্সাছ চহৰত কৃষ্ণাংগ সকলৰ মুক্তি সম্পৰ্কীয় অধিসূচনা নং ৩ ঘোষণা কৰাৰ স্মৃতিত এই দিৱস পালন কৰা হয়।

▪️আজি বিশ্ব ঘড়ী দিৱস।

▪️১৮৪৬ চনত আজিৰ দিনটোতে নিউ জাৰ্ছিত বিশ্বৰ প্ৰথমখন সু- সংগঠিত, আনুষ্ঠানিকভাৱে তথ্যবদ্ধ কৰা বেছব'ল খেল অনুষ্ঠিত হৈছিল।

▪️ৱাশ্বিংটনত প্ৰথমবাৰলৈ পিতৃ দিৱস উদযাপিত হৈছিল।

▪️সাম্প্ৰতিক সময়ত খিলঞ্জীয়া লোকৰ অধিকাৰ সংৰক্ষণ কৰা "খিলঞ্জীয়া আৰু জনজাতীয় পৰম্পৰা" প্ৰথমবাৰলৈ নৰৱেই নিশ্চিত কৰিছিল।

▪️১৯৯০ চনত চোভিয়েট যুক্তৰাষ্ট্ৰীয় সমাজবাদী গণতন্ত্ৰ ৰ সমাজবাদী দল মস্কোত গঠিত হৈছিল।

▪️১৯৯১ চনত হাংগেৰীৰ পৰা চোভিয়েট সেনাদল আঁতৰাই অনা হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)