৮ জুন - আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
৮ জুন (ইংৰাজী: 8 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৯তম (অধিবৰ্ষত ১৬০তম) দিন। বছৰ শেষ হ'বলৈ ২০৬ দিন বাকী থাকে।

১/ ১৯১৫ চনত শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু, বৈষ্ণৱ পণ্ডিত, দলিত দৰদী সোণাৰাম চুতীয়াৰ জন্ম।

২/ ১৯৩৬ চনৰ আজিৰ দিনটোত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।

৩/ ১৯৪৮ চনৰ আজিৰ দিনটোত ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু 
জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।

৪/ ১৯৫৫ চনত ৱৰ্ল্ড ৱাইড ৱেব (www)ৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী ছাৰ টিমথীজন টিম বাৰ্ণাৰ্ছ-লীৰ জন্ম।

৫/ ১৯৫৭ বৰ্ষৰ আজিৰ দিনটোত দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।

৬/ ১৯৬১ চনত চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেতা
ৰবাৰ্ট টেইলৰৰ মৃত্যু।

৭/ ১৯৭৫ চনত বলিউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ জন্ম।

৮/ ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোত ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ই শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।

৯/ ১৯৯০ বৰ্ষৰ আজিৰ দিনটোত দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।

১০/ ২০১০ চনত ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰা গৌৰীশংকৰ কলিতাৰ মৃত্যু।

১১/ বিশ্ব মহাসাগৰ দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)