তোমাৰ পাখি দুখিলা;
নানাৰঙী বাগিছাত
কিয় বাৰু আহিলা ?
সৌন্দৰ্য্য কাননত ফুলি আছে
গোলাপ,খৰিকাজাই;
নানাৰঙৰ পখিলা আহি
চুমা আঁকি যায় ।
সপোনত দেখো মই
পখিলা হৈ উৰো;
তোমাৰ দৰে কিয় বাৰু
এই পৃথিৱী নেদেখো ।
অকণ অকণ মন আমাৰ
নাই কোনো কাম
তোমাৰ লগত কেতিয়াবা
ফুৰিবলৈ যাম ।
✍️অনিল বৰ্মন