কেতিয়াবাই হেৰাই যোৱা কলমটো
এন্ধাৰতে উমানত খেপিয়াই ফুৰিছোঁ।
তুমিতো নুবুজা
পাই হেৰুওৱাৰ বেদনা কিমান গধুৰ।
মৰি মৰি জীয়াই থকাৰ বাসনাত
পৰাস্ত হয় মোৰ সমগ্ৰ সত্ত্বা।
ইথাৰৰ ইন্দ্ৰজাল ধ্বংস কৰিবলৈ মই
ইতস্ততঃ বোধ কৰা নাই।
ইন্দ্ৰনীল গলত আঁৰি
এঙা-চোলা পিন্ধি
মই তোমাৰ আজন্ম প্ৰেমৰ সৈনিক হ'ব বিচাৰি
বিকুল বজাই কৰা নাই যুদ্ধ ঘোষণা।
নকৈ এটা সপোনে পোখা মেলা পৰতে
জীৱন নাটৰ পৰা উৱঁলি যাবলৈ ধৰা দৃশ্যবোৰ
ধুসৰ পথ এটাৰে ওভোতাই আনিব বিচাৰিছা।
আৰু মই...
মইতো বাধা দিয়া নাই...
ঈশ্বৰাধীন হৈ জীৱনৰ অস্তিত্বক উপলব্ধি কৰিছোঁ।
ইদানীন্তন হৈও আসমুদ্ৰ বাহাল ৰাখিব বিচাৰোঁ
এক বঞ্চনা নকৰা সত্য
যি হয়তো চিহ্নিত হৈ থাকিব
চিৰদিনলৈ স্বৰাজোত্তৰ প্ৰেম স্বৰূপে।
★★★★★★★★★★★★★★★★★
✍️বিকি নেওগ।
বৰখঙীয়া গাঁও।
পশ্চিম যোৰহাট - ১৭
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ