তুমি য'তে আছা-সুখেৰে থাকা-অৰূপ বড়ো

ভাঁহি আহে এখন গুৰিয়ালবিহীন নাও আৰু এটি নিসংগ জীৱন!
কোন ঘাটেনো চপাওঁ,
চিনাকি হৈছিলোঁ যেতিয়া
তোমাৰ লগত
পাহৰিব পাৰো জানো
এই জীৱনত?
       তুমি সুখেৰে আছানে?তুমি য'তেই আছা সুখেৰে থাকা।আজিও তোমাৰ মনত পৰে নে?সেই যে তোমাক লগ পাইছিলোঁ, অচিনাকি জীৱনৰ চিনাকি ষ্টেচন এটাত। আমি যে আলাপ কৰিছিলোঁ জীৱন, প্ৰেম আৰু হৃদয়ৰ সুৰবোৰৰ কথা।তুমি জানো বুজা মোৰ ভালপোৱাৰ গভীৰতা? হয়, মই প্ৰকাশ কৰিব পৰা নাছিলোঁ। হৃদয়খন উকা কাগজৰ দৰে মোহাৰি পেলালা যে। হ'ব পাৰে, জীৱনটো এটা ৰেল লাইনৰ দৰে আৰু জীৱনৰ ঘটনা-উপঘটনা বোৰ একো একোটা ডবা।মনলৈ আহে এলভিছ প্ৰেচলীৰ পুৰণি এটি গীত-“লাইফ ইজ আ প্লেটফর্ম, ইউ কেন ৱেট ফ'ৰ আ ছেকেণ্ড,ড্ৰিম উইল কেৰী ইয়ৰ লাইফ,নাথিং টু লুজ ফৰ আ ম'মেণ্ট..”
       তোমাৰ প্ৰেৰণাতেই মোক জন্ম দিয়াইছিল কবিতা, গল্প লিখা আৰু ছবি অঁকা। সেইবাবেইতো বৰ আপোন।আজিও মোৰ কোঠাত সেই ছবিবোৰে মনালিছাৰ দৰে হাঁহি আছে।তোমাক লৈয়েতো মই সপোন ৰচিছিলোঁ।বিচাৰি পাইছিলোঁ এখন সাতৰঙী ৰামধেনুৰ দৰে ধৰিত্ৰী। দুখ যন্ত্ৰণাকো নেওচি পাৰ কৰিছিলোঁ উজাগৰী নিশা।তুমিয়েইতো আছিলা মোৰ জীয়াই থকাৰ মেৰুদণ্ড।নাজানো তুমি মোক ভালপোৱা নে নোপোৱা?তুমি চাগে এতিয়া বিচাৰি ল'লা জীৱনৰ প্ৰিয়তমাক।মন গৈছিল মইনাৰ দৰে সজাত মৰমেৰে চিৰদিন বন্দী কৰিবলৈ।আজিও মই যন্ত্ৰণাত ভুগি আছোঁ তোমাক নোপোৱাৰ বাবেই।সময় পালে এবাৰ আহিবাচোন সেই ষ্টেচনটোলৈ,য'ত তোমাক লগ পাইছিলোঁ।সাঁচি ৰাখিছোঁ তোমাৰ অভিমানী মৰমবোৰ। হৃদয়ৰ অৰ্গৰ খুলি, ৰাখিছোঁ জপনাখন মুকলিকৈ তুমি আহিবা বুলি। তোমাক লৈ সপোন ৰচাটো মোৰ ভুল হৈছে যদিও কি কৰোঁ? কাৰণ ভালপোৱা যে এনেকুৱাই।সেয়েহে তুমি মোৰ প্ৰথম চিনাকি যতে আছা সুখেৰে থাকা।

          ইতি তোমাৰ মৰমৰ
           ✍️অৰূপ বড়ো

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send