অফিচৰ পৰা ওলাই পাৰ্কিং কৰি থোৱা ঠাইৰ পৰা গাড়ীখন উলিয়াও বুলিও থমকি ৰ'ল নীৰৱ।
ৰাস্তাৰ দাঁতিত হাতত বাতি এটা লৈ কাষেদি অহা যোৱা কৰি থকা ব্যস্ত মানুহবোৰলৈ চাই অলেখ আশাৰে বহি থকা বৃদ্ধ মহিলা গৰাকীক দেখি আগুৱাব খোজা খোজৰ লহৰ যেন ঠাইতে ৰৈ গ'ল। এজাক পুৰণি আৱেগে আহি বাট ভেটিলেহি নীৰৱৰ দুচকুত,পাহৰিব খোজা অতীতৰ দুখবোৰে হেঁচুকি ধৰিলেহি নীৰৱক।
জন্মৰ দুদিন পিছতেই পিতৃহাৰা হোৱা নীৰৱক মাতৃ উৰ্মিলাই আনৰ ঘৰে ঘৰে ভিক্ষা মাগি পোহ-পাল দিছিল। আনৰ ঘৰত বন কৰি, ভিক্ষা মাগি হ'লেও কিন্তু একমাত্ৰ পুত্ৰ নীৰৱক নপঢ়োৱাকৈ থকা নাছিল। পুতেকক মানুহ বনোৱাৰ দুৰ্বাৰ হেঁপাহৰ ওচৰত যেন দৰিদ্ৰতাইও হাৰ মানিছিল। নীৰৱেও মাকৰ দুখ কষ্টক উচিত মূল্য দিয়াৰ উদ্দেশ্যেই কষ্ট,জীৱনৰ ঘাট-প্ৰতিঘাতক নেওচি জীৱনত সফল হ'বলৈ লগতে মাকৰ মুখত হাঁহি বিৰিঙাবলৈ অযুত চেষ্টা কৰিছিল।
অৱশেষত বহু কষ্টৰ বিনিময়ত সেই দিনটো আহিল, নীৰৱে UPSC ত অসমৰ ভিতৰতে দ্বিতীয় স্হান দখল কৰি মাকৰ কষ্টক সাৰ্থক কৰি তুলিলে।
✍️ৰশ্মি বেজবৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ