সেউজীয়া মানৱৰ কবিতা-দিপালী তচা

Rinku Rajowar
0
হে মানৱ তোমাক প্ৰণাম
তোমাৰ কবিতা মোৰ প্ৰাণ,
লিহিৰি আঙুলিৰ মাজত প্ৰাণ পোৱা 
ডালিমগুটীয়া শব্দৰ ভাষা মোৰ অভিমান;
হে মানৱ তোমাক প্ৰণাম ।
দিনৰ পিছত দিন ,যুগৰ পিছত যুগ ধৰি
অতিবাহিত তোমাৰ সংস্কৃতি, তোমাৰ সাধনা,
অমানৱক মানৱ কৰি গঢ়ি তুলিলা, 
অজাতিত তুমি জাতিৰ সৃষ্টি কৰিলা ,
অসমীয়াক জ্ঞান দি আনিলা প্ৰাণ 
হে মহামানৱ তোমাক প্ৰণাম।
কীৰ্তন-দশম, ভাগৱত তোমাৰ অৱদান ,
সেউজীয়া মন সেউজীয়া ধৰা শস্য সোণোৱালী তোমাৰ
তাতে আকৌ হৰি নাম ।
ভাওনা ৰচিলা, ভটিমা ৰচিলা
বৰগীতত ৰাখিলা অসমীয়াৰ মান,
হে মানৱ তোমাক প্ৰণাম
শ্ৰী শ্ৰী শংকৰ গুৰু 
তোমাক শতকোটি প্ৰণাম । 


✍️ দিপালী তচা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)