মোৰ দেশ মহান-মৌচম হাজৰিকা

Unknown
0
বাক্ স্বাধীনতা 
আমাৰ মৌলিক অধিকাৰ ।

কিন্তু আমি কিছুমানে কথা নকওঁ 
কিছুমানে প্ৰতিবাদ নকৰোঁ ।

'গণতান্ত্ৰিক দেশ' বুলি 
গৰ্ব কৰোঁ ।
'মোৰ দেশ মহান' বুলি 
নিজেই নিজকে স্বীকৃতি দিওঁ l

কিন্তু আমি কিছুমানে দেশক শোষণ কৰোঁ 
কিছুমানে দেশখনক লুটি - পুটি খাওঁ ।

'অনৈক্যৰ মাজত ঐক্য' 
হেনো আমাৰ দেশৰ বৈশিষ্ট্য !
পিছে বিভেদৰ ৰাজনীতিহে 
হেনো নিৰ্বাচনত জিকাৰ মূলমন্ত্ৰ !

সেয়ে আমাৰ সংবিধানৰ অধিকাৰ 
যেন পৃষ্ঠাৰ মাজত আবদ্ধ বিচাৰ !


✍️মৌচম হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)