ধৰিবলৈ প্ৰয়াস কৰিছোঁ ৷
জানোচা মোৰ কৰতলৰ ছায়াই
এদিন সেউজী আৱেশেৰে
মোকো সাৱটিয়েই লয় ৷
কতনা কাটিবা আৰু বুকুৰ
আপোন সেউজী বন ,
কিমান কৰিবা তাৰ ক্ষয় !
সেউজী হেৰুৱাই আজি
আমি কৰিছোঁ আত্ম অৱক্ষয় ৷
সেউজ অবিহনে মৃত্যুয়ে
মচিছে জীৱনৰ পৰিচয় ৷
আহক আমি আৰক্ষণ কৰোঁ সেউজী
ওৰেটো জীৱন পাৰিম থাকিবলৈ
সেউজীতেই আউজি ৷৷
✍️মিনু হাজৰিকা ( গুৱাহাটী , কাহিলিপাৰা )