অসমীয়া সাহিত্য জগতত ৰাভা দেৱৰ অৱদান অতুলনীয় আৰু অদ্বিতীয়-চিন্ময় ডেকা

Rinku Rajowar
0
অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাদেৱে অহোপুৰুষাৰ্থৰে অৱদান আগবঢ়াইছিল । আন বৰেণ্য ব্যক্তিসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্রতিজন অসমীয়াৰ হৃদয়ত খোদিত হৈ থাকিব । কিয়নো তেওঁ আছিল অসমীয়া জাতীয় সংস্কৃতিৰ ত্ৰানকৰ্তা স্বৰূপ আৰু অসমীয়া সংস্কৃতিৰ পূজাৰী ।

“মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে ?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে ?

নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহতে হৰ্ষ লাগি
হিয়াত নাচোন উঠে নে ?

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
 সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ !"
         বিষ্ণু প্রসাদ ৰাভা দেৱৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী বৰ্তমানৰ বাংলাদেশৰ ঢাকাত । সৰুৰে পৰাই তেওঁ প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত( সৈনিক স্কুলত) শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল । ১৯২৬ চনত তেখেত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে তেওঁ কলিকতালৈ যায় যদিও পঢ়া আধাতে সাং কৰি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে । ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখি সাহিত্য জগতত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। পিছলৈ তেখেতে ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে । জ্যোতিপ্ৰসাদৰ লগ লাগি বিষ্ণু প্রসাদ ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি উলিয়াইছিল। তেখেতে নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কামতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে । তেওঁ কবিতা , গল্প , উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ সাধক আছিল।
অসমীয়া সংগীত জগতলৈ বিষ্ণুপ্রসাদ ৰাভা দেৱৰ অৱদান অতুলনীয়। কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা , জাতীয় চেতনাবোধ , তেওঁৰ কিছুসংখ্যক গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে "বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল "। ইয়াৰ উপৰিও "মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগে নে" ,  "আজি মন্দিৰৰ দুৱাৰ খোলা" , "বিশ্বৰ ছন্দে ছন্দে মহানন্দে" , "পৰজনমৰ শুভ লগনত" আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীত জগতখনক  আগুৱাই নিছিল ।
বাৰানসীত ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল আৰু তাতেই বিষ্ণুৰাভাৰ নৃত্যত মুগ্ধ হৈ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰিছিল ।
             এইজনা বৰেণ্য ব্যক্তিয়ে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল । তেওঁ একাধাৰে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেখেতে "মিচিং কনেং" নামৰ এখন উপন্যাস , সোণপাহী , মামীৰ হাৰ , কুৰি বছৰ জেইল , বড়ো ভাষাত ৰচিত ফুংকা লগতে কেইবাটাও গল্প , গেঙনি ৰেঙনি নামৰ নাটক, অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম, মুক্তি দেউল ইত্যাদি প্ৰৱন্ধ লিখি অসমীয়া সাহিত্যৰ জগত খন জাকত-জিলিকা কৰি থৈ গৈছে। বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰ উপৰিও সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সংগীত হিচাবে পৰিচিত। তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।
তেওঁৰ গীত আৰু কবিতা সমূহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীত সমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগি উঠিছিল। এই গীত সমূহৰ ভিতৰত অসমীয়া ডেকা দল, আই মোৰ ভাৰতী জননী আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত “আমি বিপ্লৱী পথৰে যাত্ৰী” কবিতাটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান। স্বাধীনতা আন্দোলনৰ বতাহ ছাটিয়ে বিষ্ণু ৰাভাকো কোবাইছিল সেয়ে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীত সমূহক “ৰাভা সংগীত” হিচাপে ঘোষণা কৰা হৈছিল। অসমীয়া সাহিত্যৰ সংস্কৃতিৰ তথা সামগ্ৰী জগত খনত তেখেতৰ অৱদান সচাঁকৈ অতুলনীয় আৰু অদ্বিতীয়। 
          তেখেতেৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে “ৰাভা দিৱস” হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব। আমি ভাৱো কেৱল ‘ৰাভা দিৱস’ পাতিলেই নহ’ব বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ’লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব তেতিয়া হয়তো ৰাভাদেৱৰ সকলো কলা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব। তথা ভৱিষ্যত প্ৰজন্মলৈ সুদৃঢ় হৈ থাকিব। 

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)