নীলা খামৰ চিঠি-নুৰ হুছেইন

©Admin
0
কেনে আছা প্ৰিয়া?কিদৰে পাৰ হৈছে দিনবোৰ? বহুদিনৰ পাছত লিখিছোঁ তোমালৈ বুলি।অ' নহয়! ভুলকৈ কলোঁ। আগতে কেতিয়াবা লিখিছো জানো তোমালৈ? নাই ! ঠিক মনত পৰা নাই।জীৱনৰ নানা ৰঙ সানি তুমি ছাগে ৰঙীন হৈ গৈছা ন!
এতিয়া বাৰু বৰষুনত তিতা নে আগৰ দৰে? কপালৰ ভাজত চেলাউৰিৰ মাজত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰানে? তোমাৰ মন বাগিছাৰ সেই ৰঙা গোলাপৰ পাহিবোৰ কেনে আছে? সেইবোৰৰ গোন্ধত এতিয়াও কোনোবাই বিভোৰ হয় নেকি?মোৰ দৰে? এৰা বহু সময় পাৰ হৈ গ'ল তুমি অবিহনে!অথচ মনলৈ আহে যেন সৌ সিদিনাহে সকলোবোৰ! মই চাহ খোৱাৰ পাছত চিগাৰেট এটি হাতত তুলি ল'লে কিমান যে গালি পাৰিছিলা তুমি! তোমাৰ বাৰু মনত আছেনে
আমি প্ৰথম লগ পোৱাৰ কথা?তোমাৰ লিহিৰি আঙুলিবোৰে মোৰ আঙুলিবোৰক কি নিবিড় মমতাৰে বান্ধিছিল! সিদিনা তোমাৰ দুচকুত নাছিল কোনো ভয়, মনত নাছিল কোনো সংশয়। তোমাৰ চকুৰ গভীৰত ডুব গৈ নিজকে বিচাৰি পাইছিলোঁ।
প্ৰেমৰ সাগৰ ইপাৰ-সিপাৰ হৈছিলা ময়ূৰপক্ষী হৈ। আজি তোমালৈ বৰকৈ মনত পৰিছে! কামত মনোনিৱেশ কৰা অসম্ভৱ যেন হৈ পৰিছে!মনে বিচাৰে তোমাৰ কাষলৈ যাওঁ, চুই চাওঁ তোমাক।সময় নামৰ খৰস্ৰোতা নৈৰ ঢৌত হেৰাই গ'ল বহু স্মৃতি। জানা আজিও নষ্টালজিক কৰি তোলে
তোমাৰ প্ৰথম স্পৰ্শৰ স্মৃতিয়ে।
টোপনি কাঢ়ি নিয়ে নিশাৰ; কেতিয়াবা উজাগৰে কটাও গোটেই ৰাতি,
নয়ন কৰি তোলে অশ্ৰসিক্ত।
ডায়েৰীটোত আজিও লিখোঁ বিষাদৰ কবিতা। ভালপোৱা সংজ্ঞা হয়তো মই নাজানো! তোমাৰ মোৰ সেই নোপোৱা আকাঙ্ক্ষাবোৰেই চাগে...। তুমি কেনে আছা? ভালে থাকা।

✍️নুৰ হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)