ড৹ লক্ষ্মীনন্দন বৰা আৰু তেওঁৰ গল্পত গ্ৰাম্য সমাজ চিত্রণ-সবিতা দাস

Unknown
0
(সখা দামোদৰ গল্পৰ আলমত )
১৯৫৪ চনত "ৰামধেনু"ৰ পাতত "ভাওনা" গল্পটিৰে সাহিত্য জগতত মনোনিৱেশ কৰা "সৰস্বতী" সন্মানপ্রাপ্ত ড৹ লক্ষ্মীনন্দন বৰাৰ ১৯৩২ চনৰ পহিলা মাৰ্চত নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ কুঁজিদাহ গাঁৱত জন্ম হয় ।তেখেতৰ পিতৃৰ নাম প্রয়াত ফেটুৰাম বৰা আৰু মাতৃৰ নাম ফুলেশ্বৰী বৰা । ১৯৪৮ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত কটন মহাবিদ্যাল‌য়ৰ পৰা ১৯৫২ চনত স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৫ চনত শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পদাৰ্থ বিজ্ঞানৰ প্রবক্তাৰূপে কৰ্ম জীৱনৰ পাতনি মেলে । তাৰপিছত তেখেতে জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় ,কটন মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল । ১৯৫৮ চনত অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক পদত যোগদান কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে । ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল । ১৯৭৯ চনত কিছুদিনৰ বাবে কলিকতাৰ পৰা প্রকাশ হোৱা 'ইকনমিকচ টাইমছ' কাকতৰ যোৰহাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈ সাপ্তাহিক ৰংপুৰ কাকতৰো তেওঁ সম্পাদক আছিল । ২০২১ চনৰ জুনমাহলৈ ড৹ বৰা "গৰীয়সী "মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কৰ্মৰত আছিল । 


                   ৰামধেনু যুগতে গল্পাকাৰৰূপে আত্মপ্রকাশ কৰা ড৹ বৰাই ঔপন্যাসিক হিচাপেও সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ গল্পসমূহ ৰামধেনু ,নতুন অসমীয়া ,অৰুণাচল আদিত প্রকাশ হৈছিল ।তেওঁৰ সাহিত্যৰাজি ---------------------------

ক) গল্পপুথি :- দৃষ্টিৰূপা (১৮৫৮), সেই সুৰে উতলা (১৯৬১), অচিন কন্যা(১৯৬১), গৌৰী ৰূপক ( ১৯৬১), মন মাটি মেঘ (১৯৬২), কাচিয়লীৰ কুঁৱলী (১৯৬৫), গোপন গধূলি (১৯৬৭ ), মাজত তুষাৰ নৈ (১৯৬৭), কঠিন মায়া (১৯৬৬ ), মন বিৰিখৰ জোখ (২০০১) ।

খ) উপন্যাস :-নিশাৰ পূৰৱী (১৯৬২), গঙা চিলনীৰ পাখি (১৯৬৫),বলুকাত বিজুলী (১৯৬৯), মাটিত মেঘৰ ছাঁ (১৯৭০), উত্তৰপুৰুষ (১৯৭০), দহন দুলড়ী( ১৯৭১), পাতাল ভৈৰৱী (১৯৮৬), কাল ডিঙৰাৰে পাৰ (১৯৮৮) , গণেশগুৰি (১৯৮৮), হিয়াত তিৰেবিৰায় ( ১৯৯৩), যাকেৰি নাহিকে উপাম (১৯৯৪), মৎস্যকন্যা( ১৯৯৫), সেই গুণনিধি (১৯৯৭), মেঘত মাদল বাজে (১৯৯৯ ),কায়কল্প(২০০২ -কল্পবিজ্ঞানভিত্তিক উপন্যাস), চতুৰংগ (২০০৩), তেজস্বিনী আৰু অন্যান্য (২০০৩), সেহি সব্যসাচী (২০১৪) ।

গ) আত্মজীৱনী :- কাল বলুকাত খোজ ।

ঘ) নাটক :- মহে গুণ গুণ কৰে ।

ঙ) ভ্রমণ কাহিনী:- জোৰলগা জাৰ্মানীত, সীমাৰ পৰিধি ভাঙি ।

      তেখেতে সাহিত্যজগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বঁটা -সন্মানেৰে স্বীকৃতিপ্রাপ্ত হৈছিল ।তেখেতে "পাতাল ভৈৰৱী" উপন্যাসখনৰ বাবে ১৯৮৮ চন সাহিত্য অকাডেমী বঁটা লাভ কৰে । কল্পবিজ্ঞানভিত্তিক উপন্যাস "কায়কল্প" উপন্যাসখনৰ বাবে ২০০৮ চনত সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ কৰে ।২০১৫ চনত পদ্মশ্রী সন্মানেৰেও ড৹ বৰা সন্মানিত হয় । 

      তেখেতে ২০২১ চনৰ ৩ জুনত ক'ভিডত আক্রান্ত হৈ ইহলীলা সম্বৰণ কৰে ।

ড৹ লক্ষ্মীনন্দন বৰাৰ গল্পসমূহ বিচাৰ কৰি চালে দৃষ্টিগোচৰ হোৱা মূল লক্ষণটো হ'ল গল্পত গ্ৰাম্য জীৱনৰ বাস্তৱ ছবি অংকন । তেওঁৰ সৰহ সংখ্যক গল্পই গ্ৰাম্য জীৱনৰ পটভুমিত ৰচিত। গ্ৰাম্য জীৱনৰ পটভুমিত ৰচিত গল্পবোৰত সৰ্বসাধাৰণ মানুহৰ সুখ-দুখ, হাঁহি -কান্দোন ,ৰীতি -নীতি,পৰম্পৰা,সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ,অভাৱ-অনাটন ,প্রেম-প্রীতি আদি প্রত্যক্ষভাৱে ফুটাই তুলিব পৰা হেতুকে ড৹ বৰাৰ গল্পই পাঠকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ‌। স্বৰাজোত্তৰ কালৰ পৰিৱৰ্তনসমূহে কেনেকৈ অনিবাৰ্যভাৱে গাঁৱৰ সহজ -সৰল জীৱনৰ ওপৰত ক্রিয়া কৰি এখন জীৱন্ত সমাজক ভাঙোনমুখী কৰিছে তাৰ পৰিচয়ো ড৹ বৰাৰ গল্পত আছে ।ড৹ নমিতা ডেকাই ড৹ বৰাৰ বিষয়ে কৈছে --" গ্ৰাম্য জনজীৱনৰ মাদকতাই আপ্লুত কৰা লক্ষ্মীনন্দন বৰাৰ গল্পৰ প্রতি ছাত্রে ছাত্রে অনুৰণিত হৈ আছে গাঁৱৰ সুখ-দুখ, হাঁহি কান্দোন আৰু গাঁৱলীয়া জীৱনৰ মূল্যৰ খতিয়ান ‌। কৃষি -পথাৰ , প্রাকৃতিক সৌন্দৰ্য, সংস্কৃতিৰ সঁফুৰাক বাদ দি গ্ৰাম্য জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে । এই আটাইবোৰৰ ওপৰেদি বৈ যোৱা প্রেমৰ বা ছাটিয়ে গাঁৱৰ জীৱনত কেতিয়াবা সুখ আৰু বিৰহৰ জোৱাৰ তোলে "। 

   
                            গ্ৰাম্য জীৱনৰ পটভুমিত ৰচিত "সখা দামোদৰ" ড৹ বৰাৰ শ্রেষ্ঠ গল্প । গ্ৰাম্য অঞ্চলৰ শ্রমজীৱী মানুহৰ জীৱন জীয়াৰ যন্ত্রণা ,পৰম্পৰা ,খেতিখলা আদি বিভিন্ন দিশ গল্পটিত দৃশ্যমান ‌। গল্পটিত বিহুত বিহুৱান দিয়া, গৰুৰ দাঁত চাই কিনা ,গৰু ঘৰলৈ আনিলে চাকি ,ধূপ-ধূনা জ্বলাই ভৰি ধুৱাই আদৰি অনা ,বিহু বুলি মাহজোৰা প্রস্তুতি, বৰশী বোৱা, গোহালিত জাগ দিয়া ,গাঁৱৰ ঘৰে ঘৰে হুচৰি গোৱা আদি কাৰ্যই গাঁৱলীয়া সমাজজীৱনকে প্রকাশ কৰে। গল্পটোৰ অংগে অংগে লাগি আছে অসমৰ গ্ৰাম্য জীৱনৰ বোকামাটি । 


         গল্পটোৰ মূল চৰিত্র মুকুট এজন খেতিয়কৰ ল'ৰা।সি অভাৱৰ তাড়নাত পৰি মৰমৰ গৰুহাল বিক্রী কৰি খেতিখলা এৰি পিয়নৰ কাম কৰিছে । পিয়নৰ চাকৰি কৰাতকৈ খেতি কৰি পেট প্রৱৰ্তোৱা জীৱনটোৱে সুখৰ আছিল নেকি ভাবি ভাবি সি অন্ত:দ্বন্দ্বত ভুগে ‌‌ । তাৰ মনতে ভাব হয় ,সি যেন স্বাধীন জীৱন এটা এৰি পিঞ্জৰাত বন্দীলেখীয়া কামহে কৰি আছে । গাঁৱৰ বিনন্দীয়া পৰিৱেশে তাক হাতবাউল দি মাতে । বিহুৰ দিনাও তাৰ ছুটি থাকে নে নাথাকে তাৰ উমঘাম সি নাপায় । গল্পটোৰ আৰম্ভণিতে ড৹ বৰাই বৰ্ণনা কৰিছে এনেদৰে ----"আগেয়ে হ'লে ধলপুৱাতে হালখন মেলি নিয়ে ।ভৰ দুপৰীয়ালৈকে বায় । পিছত এমুঠি গুজি এঘুমটি মাৰি কোৰখন লৈ বাৰীখন চাফা কৰে । আবেলিটো আপোন মনেৰে কটায় । তেতিয়া সি স্বাধীন আছিল। ইচ্ছা কৰিলে হালখেতি কৰিব পাৰে । আবেলি জাবৰ লুৰুকিবলৈ বা গৰু চৰাবলৈকো যাব পাৰে । জেঠৰ ভৰা সোণাই নৈত বৰশীত মাছ পায় । বৰশী বোৱাটো তাৰ নিচা । বহা'গৰ ভিতৰতে বাওঁতলীকেইডৰাত ধান সিঁচি অঁতাই জেঠৰ পহিলাতে কঠীয়া পেলাই আজৰি হৈ কেন্দুগুৰি ডুবিত চাং এখন সাজি লয় । তেতিয়াৰে পৰা তাৰ গাত গোসাঁই নোহোৱা হয় । কেৱল বৰশীৰ কথা "। -- এই কথাখিনিৰ মাজেৰে গ্ৰাম্য জীৱনৰ এখনি নিৰ্মল ছবি সুন্দৰৰূপত প্রকাশি উঠিছে । 


                   স্বাধীন মনৰ মুকুট ইচ্ছা কৰিলেও এদিনৰ বাবেও আহি ল'ৰা-ছোৱালী আৰু পত্নীৰ লগত শান্তিৰে বিহুৰ দিনটো কটাব নোৱাৰে। কিয়নো তাৰ পিয়নৰ চাকৰি ছুটি নাই । কিবাকৈ যদিও ছুটি পালে বিহুৰ দিনা ধুৱাবলৈ গৰু নাই । গৰু বিহুৰ দিনা নঙলামুখেৰে গাঁৱৰ ল'ৰা -ছোৱালী ,ডেকা - বুঢ়াই লাউ -খা ,বেঙেনা খা ....বুলি চিঞৰি চিঞৰি গীত জুৰি গৰু ধুৱাবলৈ নৈ ৰ ঘাটলৈ যোৱা দৃশ্য দেখি সি পিৰালিতে জুপুকা মাৰি বহি থকাৰ বাদে অন্য উপায় নাই । সন্ধিয়া যেতিয়া বেজাৰমনে বিচনাত পৰি আছিল সেইসময়ত আহি ওলাল তাৰ মৰমৰ গৰুহাল।পত্নী ভানুৰ সৈতে গৰুহালক ধুৱাই মেলি আদৰ -সাদৰ কৰি বিদায় দিলে । মুকুটৰ ঘৰখনত গৰু বিহুৰ দিনা গৰুহাল নথকাত ঘৰখন অন্ধকাৰত ডুব গৈ আছিল ,গৰুহালেই যেন ঘৰখনলৈ পোহৰ লৈ আহিল । গ্ৰাম্য সমাজত গৰু আৰু কৃষিৰ লগত এক নিবিড় সম্পৰ্ক আছে । গৰুবিহীন ঘৰ এখন গ্ৰাম্য সমাজত মুৰব্বীহীন ঘৰ বুলি কোৱা হয়। ঘৰে ঘৰে গৰুৰ হেম্বেলেনি ,গোবৰৰ গোন্ধে গাঁৱখনত নতুন মাত্রা দান কৰে । 
  
                 গৰু "কৃষি"ৰ" প্রতীক । কৃষি" অসমীয়া সংস্কৃতিৰ মূল । "কৃষি" শব্দটো "কৃষ্ণ'শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয় । কৃষ্ণৰ আন এটা নাম দামোদৰ হোৱা হেতুকে ড৹ বৰাই চাৰ্তুৰ্যপূৰ্ণতাৰে গল্পটোৰ নামাকৰণ কৰিছে "সখা দামোদৰ "। গল্পটো সম্পৰ্কে উপন্দ্রনাথ শৰ্মাই কৈছে ----"গল্পটোৰ কেন্দ্রীয় পৰিস্থিতি সৰু যদিও বৰাই নিখুঁতভাৱে তাক উপস্থাপন কৰিছে । তেওঁৰ গল্পত প্রকাশ পোৱা খুঁটি নাটিৰ এনে বৰ্ণনা ৰামধেনু যুগৰ পূৰ্বে অনুভূত হোৱা নাছিল "। 


        গ্ৰাম্য জীৱনভিত্তিক "মনবিৰিখৰ খোজ","সন্মোহ "আদি গল্পতো গ্ৰাম্য সমাজৰ বাস্তৱ ছবি ড৹ বৰাই সফলভাৱে ৰূপায়ণ কৰিছে ।" মনবিৰিখৰ জোখ "গল্পটোৰ কেন্দ্রীয় পৰিস্থিতি অসমৰ গাঁৱৰ জীৱনত আওপুৰণি । গাঁৱৰ ডেকা-গাভৰু পৰভাত আৰু বিন্দাই প্রণয়াসক্ত হৈ দুই ঘৰৰ শক্রতা আওকাণ কৰি পৰভাতে বিন্দাক পলুৱাই ঘৰ সুমুৱাইছে । ডেকা -গাভৰু হাল পলাই অহা পৰিস্থিতিটো বাস্তৱানুগ।গল্পটোত গাঁৱৰ প্রাকৃতিক আৰু অন্যান্য পৰিৱেশ সুন্দৰভাৱে অংকিত হৈছে । একেদৰে "সন্মোহ "গল্পটোত দিখৌ নৈৰ পাৰত ঘটা পৰিস্থিতিকলৈ লিখা হৈছে।এই গল্পটোত দিখৌ নৈৰ সান্ধ্য -ৰাগ ৰঞ্জিত চিকমিকিয়া পানীৰ বৰ্ণনা মনোমোহা।


        ড৹ বৰা গ্ৰাম্য সমাজ জীৱনক সাহিত্যৰ পাতত প্রকাশ কৰিব পৰা শ্রেষ্ঠ গল্পাকাৰ। তেওঁ আছিল গ্ৰাম্য জীৱনৰ প্রকৃত পৰ্যবেক্ষক । ড৹ লক্ষ্মীনন্দন বৰাৰ গল্প বুলি ক'লেই মনলৈ আহে গাঁৱলীয়া জনজীৱনৰ এখন বাস্তৱ নিৰ্ভেজাল ছবি ।য'ত গাঁৱলীয়া মানুহৰ সুখ- দুখ , হাঁহি -কান্দোন , ৰীতি -নীতি ,আচাৰ-ব্যৱহাৰ ,প্রেম-প্রীতি আদি একাত্ম হৈ থাকে । ড৹ বৰাৰ অনুভৱী মনটোই অনবৰতে গ্ৰাম্য জীৱনৰ বাকৰিত ঘুৰ্মতিয়াই ফুৰিছিল ,যাৰবাবে তেওঁৰ কলমত গ্ৰাম্য জীৱনে খোপনি পুতি মুকুতা -মণি হৈ সাহিত্য জগতত সৰি পৰিছিল ।

 
✍️সবিতা দাস
     গুৱাহাটী বিশ্ববিদ্যালয় 
     অসমীয়া বিভাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)