নীলা খামৰ চিঠি-পূৰ্ণিমা বৰঠাকুৰ

Unknown
0
খণ্ড এক(১)

শ্ৰদ্ধাৰ খুৰাদেউ....
   জয় জয়তে তোমালৈ মোৰ হিয়াভৰা শ্ৰদ্ধাৰে সেৱা জনালোঁ ৷  আশাকৰোঁ কুশলে আছা? দেউতাৰ মৃত্যুৰ পিছত  তুমিয়েই আমাৰ দেউতা৷ আঁচলতে কথাটো কোৱা মোৰ সম্পূৰ্ণ শুদ্ধ হোৱা নাই খুৰাদেউ৷ আজিৰ উপলব্ধিত সঁচাকৈ দেউতা জীয়াই থাকোঁতেও, জন্ম নিদিলেও তুমিহে আমাৰ আঁচল পিতা আছিল যেন ভাৱ হয় ৷ দেউতাই জীৱনৰ সৰহখিনি সময় বাহিৰে বাহিৰেই চাকৰি কৰি কটাইছিল৷ আমাৰ সাতোটা ককাইভাই বাইভনীক তুমিয়েই শাসন কৰিছিলা। পঢ়া-শুনা খোৱা পিন্ধাৰ পৰা স্কুলৰ পৰা ঘৰত কৰিবলৈ দিয়া পাঠ্যপুথিৰ গৃহকৰ্ম কে সকলো চোৱাচিতাৰ দায়িত্ব  তুমিয়েই  পালন কৰিছিলা৷ তোমাৰ চেকনিৰ আগৰ শাসনৰ বাবেই আমাৰ গোটেই কেইটা ল’ৰা-ছোৱালী পঢ়াইশুনাই বৰ ভাল হ'লোঁ ৷ ডাঙৰ দাদা প্ৰশাসনিক উচ্চ পদস্থ বিষয়া, সৰু দাদা পঞ্চায়তৰ ব্লক অফিচাৰ , ডাঙৰ ভাইটি কটন কলেজৰ অধ্যাপক , সৰুভাইটি ৰেলোৱে বিষয়া, ডাঙৰ বাইদেউ ডাক্তৰ , সৰুবাইদেউ ট্ৰেজাৰি বিষয়া আৰু মই ! মই সৰুকৈ হ'লেও এখন কলেজৰ  প্ৰবক্তা ৷ 
     সৰুতে আপুনি যেতিয়া দাদা বাইদেউহঁতে কিবা ভুল কৰিলে বা পঢ়া সময় মতে নকৰিলে অথবা মিছা মাতিলে শাস্তি হিচাপে চেকনিৰ কোব দিছিলে তেতিয়া মোৰ  তোমালৈ খুউৱ খং উঠিছিল৷ মই তেতিয়া বহুত সৰু আছিলোঁ যদিও দাদা বাইদেউ হঁতৰ দৰে ভয়াতুৰ নাছিলোঁ  ৷ তোমাৰ চেকনিৰ কোব খাই দাদা বাইদেউহঁতে যেতিয়া উচুপি উচুপি কান্দি থকা দেখিছিলোঁ মই সেই চেকনি ডাল মনে মনে ভাঙি পেলাইছিলোঁ৷ প্ৰথমে আপুনি চেকনিডাল কোনে ভাঙিলে সেই কথা বাৰে বাৰে সোধাৰ পিছতো সৈ কঢ়া নাছিলোঁ আৰু তেতিয়া সকলোকে কানত ধৰাই  আঠু কঢ়াঁই  ৰাখিছিলা ৷ সেই শাৰীটোত কিন্তু মই নাছিলোঁ ৷ কাৰণ মই বহুত সৰু হৈ থকাৰ বাবে সেই শাস্তি মোৰ ভাগত পৰা নাছিল৷ দাদা বাইদেউহঁতে উপৰিঞ্চি শাস্তি পাইয়ো মোৰ কথা কৈ দিয়া নাছিল ৷ এনেদৰে কেইবাদিনো হোৱাৰ অন্তত এদিন তোমাৰ খুউৱ খং উঠিছিল ৷ সিদিনা তুমি আঠু কঢ়াৰ পৰিৱৰ্তে গোহালিত গৰুৰ পঘাৰে বান্ধি থব খুজিছিলা ৷ মোৰ ধৈৰ্য্যৰ বান্ধ হেৰাই গৈছিল আৰু সেইদিনা মই সৈ কাঢ়িছিলোঁ যে " চেকনি এছাৰিডাল সদায় ময়ে ভাঙো " ....৷ 
    “  পিটকলি ছোৱালী এজনীৰ ইমান সাহস   , ৰ’ আজি তোক মই .... ” বুলি মোৰ ফালে চোঁচা লওঁতেই মোৰ ভাগ্য ভাল আছিল যে আমাৰ এল.পি স্কুলৰ প্ৰধান শিক্ষক আহিছিল ৷ আৰু মোৰ ফালে চোঁচা লোৱা মানুজনক মানে তোমাক ৰখাই যি কৈছিল সেইয়া শুনি তুমি মোক শাস্তি দিয়াৰ বিপৰীতে দুবাহুৰ মাজত সোমোৱাই মৰম কৰিছিলা ৷ তুমি বুজি পাইছিলা মোৰ সুন্দৰ ভৱিষ্যতৰ কথা ৷ ছাৰে যেতিয়া কৈছিল "তোৰ ভতিজাৰে  ক শ্ৰেণীত প্ৰথম হৈ পাছ কৰিছে, যা চাহ আনগৈ৷”  তোমাৰ মোৰ প্ৰতি সিদিনা খং নহয় মৰমৰ মৌ বৰষিছিল ... আৰু সন্ধিয়ালৈ এগালমান লুজেঞ্চ আনি দিছিলা ৷ তেতিয়াৰ দিনত এই লজেঞ্চ বহুত ডাঙৰ মিঠাই আছিল ৷ আজিৰ মলাই চমচমৰ দৰে সোৱাদ ....
    বাৰু খুৰাদেউ তোমাক  বুজিবলৈ মোৰ বহুত সময়ৰ প্ৰয়োজন হ’ল৷ আজি মোৰ তোমাক ক’বলৈ বহুত কথা আছে ৷ একেদিনাই ক’ব নোৱাৰিম জানা কাৰণ ময়ো এতিয়া দুটা সন্তানৰ মাতৃ , এখন ঘৰৰ বোৱাৰী৷ বহুত কৰিব লগা থাকে ৷ সেয়ে আজিলৈ সামৰোঁ দেই খুৰাদেউ ৷ পুনৰ শ্ৰদ্ধা জনালোঁ। খুৰিদেউকো মোৰ শ্ৰদ্ধা জনালোঁ ... ৷ সোনকালেই মই তোমালৈ মোৰ ক’ব লগীয়া বাকিখিনি কথা লিখিম ৷ তুমি মাথোঁ কুশলে থাকা ৷


             ইতি
তোমাৰ মৰমৰ ভতিজা


✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা 
     নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)