মহাবাহু ব্ৰহ্মপুত্ৰ
তুমি মহামিলনৰ তীৰ্থ।
কৰিছা তুমি বহু যুগ পাৰ
ক্ষমতা তোমাৰ অসীম অপাৰ।
আবিৰ্ভাৱ হৈছা তুমি হিমালয়ৰ পৰা,
অসমৰ বাবে তুমি আকাশৰ তৰা।
তোমাৰ বুকুত চৰে ক'ত নাৱৰীয়া,
দিনটোৱে তুমি ভাটিলৈয়ে নিয়া।
পূৱে শদিয়াৰ পৰা পশ্চিমে ধুবুৰী লৈ,
গৈছা তুমি লাহে লাহে বৈ,
নাম হৈছে তোমাৰ ব্ৰহ্মপুত্ৰ নৈ।
জিলিকি উঠিছা অসমৰ হৈ,
অসমত দিছে তোমাক লুইত নামে নৈ,
লুইতৰ পানী যাবা অ' বৈ,
দেশে বিদেশে ফুৰিবা কৈ,
নাম হৈছে তোমাৰ ব্ৰহ্মপুত্ৰ নৈ।
✍নাজিমুদ্দিন আহমেদ