তুমি অসমৰ প্ৰথম মহিলা শ্বহীদ-মনোজ উৰাং

©Admin
0
বুৰঞ্জী মানেই
ৰজা, মহাৰজা, চুলতান, বাদশ্বাহ
আৰু শাসক শ্ৰেণীৰ জীৱন কাহিনী।
বুৰঞ্জী মানেই
সাধাৰণ জনতা, শ্ৰমজীৱি কৃষক আদিক দমন কৰা
একপক্ষীয় এক জীয়া কাহিনী।
ক্ৰমশঃ লিখাই নহ'ল বুৰঞ্জীৰ পাতত
শ্ৰমজীৱি মাংগ্ৰী ওৰাং তোমাৰ অসীম বলিদানৰ কাহিনী।

বৃটিছৰ শাসনত, বৃটিছৰ অত্যাচাৰত অতিষ্ঠ দেশৰ জনতা
কত নাৰী, কত গাভৰুৰ যৌৱন
কামনাৰ বলি মাথোঁ উপনিৱেশিকতা শাসনৰ বাবে
ক্ৰমশঃ দাসত্ব শিকলিৰে আবদ্ধ তুমি
এজন- দুজন কৰি
প্ৰায় তিনিজন বৃটিছ চাহাবৰ পন্য সামগ্ৰী হ'লা।

২ এপ্ৰিল  ১৯২১ চন 
তেজপুৰৰ ভলন্টিয়াৰ থুলেশ্বৰৰ 'মা' সম্বোধনে
বিন্ধি গ'লহি নিঃসন্তানৰ দুখৰ কাঢ়
পৰিৱৰ্তন মাথোঁ হৃদয়ত নহয়, পৰিৱৰ্তন জীৱনত
নিকৃষ্ট বৃটিছ চাহাবৰ কৌশলে
তোমাৰ বুকু উদঙাই
নিঃসন্তান কৰি অপমানিত কৰিছিল তোমাৰ মমতাক।

আৰম্ভ হৈছিল অসহযোগ আন্দোলন
চৌদিশে মাথোঁ মহাত্মা গান্ধীৰ আদৰ্শ
জনতাৰ হৃদয়ত জোৱাৰ উঠিল দেশপ্ৰেমৰ
শ্লোগান মাথোঁ বিদেশী সামগ্ৰী বৰ্জন
যুঁজ বৃটিছৰ উপনিৱেশিকতাবাদৰ বিৰুদ্ধে
অস্ত্ৰ- শস্ত্ৰ মাথোঁ অহিংসা নীতি
ক্ৰমশঃ তুমিও অসহযোগ আন্দোলনত স্বতন্ত্ৰতা সেনানী
মদ নিবাৰণী অভিযানত সক্ৰিয় অংশ গ্ৰহণৰ বাবে
পুলিচৰ হাতত শেষ হ'ল তোমাৰ জীৱন।

  ✍️শ্ৰী মনোজ উৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)