হৃদয়খনৰ বোজন বেছি।
কাৰণ,
ইয়াত থাকে মাতৃত্বৰ অসহনীয় এবোজা তৃপ্তি,
হৃদয়খন শৈশৱৰ বালি-মাটিৰে বৰ গধুৰ অ'
সমনীয়াৰ হাঁহি-তামাচাবোৰ সামৰিব পৰাকৈ
ই অতিশয় বিশাল.....।
হৃদয়খন মৰম-ভালপোৱাৰ এধানি আধাৰ,
যৌৱনৰ অচিনাকী ফাগুনী বতাহজাক যে
হৃদয়ক স্পৰ্শ কৰিয়েই আগুৱাই যায়।
এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ.....
যৌৱনৰ হাজাৰটা ভাললগা আৱেগক
খামুচি ৰাখিব পৰাকৈ হৃদয়খন শক্তিমান।
হৃদয়খন পৰিপক্ক হয়
শৈশৱৰ স্পৰ্শত, যৌৱনৰ উত্তাল তৰংগত উটি-ভাঁহি
বাৰ্ধক্যত হৃদয়খন পূৰঠ হয়।
বাৰ্ধক্যৰ এমোনা অবুজন অপ্ৰাপ্তি
এবোজা অব্যক্ত বোজাত হৃদয়খন ভিৰাল হয়।
কাৰণ, হৃদয়ৰ ওজন বেছি।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ