জীৱন~প্ৰবন্ধ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তিনিটা আখৰে গঠিত জীৱন বৰ সুমধুৰ। ৰামধেনুৰ সাতোৰঙী ৰঙৰ দৰে সকলোৱে জীৱন উপভোগ কৰিবলৈ বিচাৰে।আমি পৃথিৱীত জন্মগ্ৰহণ কৰাৰে পৰাই আৰম্ভ হয় এক মধুময় জীৱন।এই মানৱী জীৱন সুখ- দুখ , হাঁহি- কান্দোন, আৱেগ- অনুভূতি, মৰম- ভালপোৱা আদি সমাৱেগেৰে পৰিপূৰ্ণ।পৃথিৱীত জন্মগ্ৰহণ কৰিলে এদিন মৃত্যুক আকোঁৱালি ল'বই লাগিব। সেয়ে জীয়াই থকা দিনকেইটাত ভক্তি কৰিব লাগে।
           কবীৰ দেৱে কৈছে যে,
“কবীৰ মানুষ জন্ম পাইকৰ নহী ৰটে হৰি নাম, জেইছে কুঁৱা জল বিনা বনবায়া কীয়া কাম ৷"
            মানৱ জীৱনত যদি ভক্তি নকৰে তেন্তে তেনে জীৱন কুঁৱাৰ দৰে য'ত পানী নাই। যদি তাত পানী নাই অথবা থাকিলেও খোৱাৰ উপযোগী নহয় তথাপি তাৰ নাম কুঁৱাই হ'ব। কিন্তু গুণ কুঁৱাৰ দৰে নহয়। সেইদৰে মানুহে ভক্তি নকৰিলেও তাক মানুহ বুলিয়েই কোৱা হয় কিন্তু তেওঁৰ ওচৰত মানুহৰ গুণ হ'লে নাই।
           এই পৃথিৱীলৈ মানুহ ৰূপে জন্ম গ্ৰহণ কৰি আহিছোঁ যেতিয়া এদিন নিয়তিৰ কোলাত শুই পৰিব লাগিব। মৃত্যু দুটা শব্দৰে গঠিত। এই শব্দটোৱে পলকতে কাঢ়ি লৈ যায় সকলো। মৃত্যুক জানো কোনোবাই ধৰো বুলি হাতৰ মুঠিত ধৰি ৰাখিব পাৰে।ইযে এক চিৰন্তন সত্য। শ্ৰীমদ্ভাগৱত গীতা অধ্যায় শ্লোক ১৬ ত উল্লেখ আছে যে, ব্ৰক্ষ্মলোকলৈ যোৱা সাধকো পুনৰ অৰ্থাৎ বাৰে বাৰে জন্ম মৰণৰ চক্ৰতে আৱদ্ধ।
            " অসংখ্য বাৰ জন্ম তোহে মৰতা হৌগে জীৱিত কীয়া, মৰেৰো দ্বাদশ মধ্য মহল মঠবোৰে বহু দেহ ধৰে ৰে" 
              হে মানৱ তুমি অসংখ্য বাৰ জন্ম লৈ মৃত্যু মুখত পৰিছা, সৎ সাধনা কৰি জীৱন্তে মৰাৰ অৰ্থ হ'ল ভকতৰ মনত ধাৰণা হৈ যায় যে এই সংসাৰত প্ৰত্যেক বস্তু অস্থায়ী। এই শৰীৰো স্থায়ী নহয়। জন্ম- মৃত্যুৰ কষ্টও ভয়ংকৰ।সংসাৰ দুখৰ বাহিৰে একো নাই। মানুহৰ শৰীৰ প্ৰাপ্ত কৰি মোক্ষ প্ৰাপ্ত নকৰিলে সেই জীৱন পশু জীৱনৰ তুল্য ( জীৱনৰ সুগম পথ) ৷
             জীৱনটোত আছেনো কি? আচলতে জীৱনটোনো কি? এই প্ৰশ্নৰ উত্তৰ জানো কোনোবাই সঠিককৈ দিব পাৰিব। সেয়েহে অহংকাৰ কৰি জানো কিবা লাভ আছে? সদায় আনৰ প্ৰতি মৰম চেনেহৰ ভাৱ ৰাখি জীৱনত আগুৱাই গ'লে আমাক কোনেও বাধা দিব নোৱাৰে এই সুন্দৰ জীৱন অতিবাহিত কৰাৰ পৰা।
           জীৱনৰ যাত্ৰা অতিবাহিত কৰিবলৈ হ'লে বহু দীঘলীয়া বাট অতিক্ৰম কৰিব লগীয়া হয়।জীৱনত কেতিয়াও হাৰ নামানি আগুৱাই যাব লাগে।দুখক পাহৰি সুখক আকোঁৱালি লৈ জীৱনত আগবাঢ়ি যাব লাগে।জীৱনত কত সুখ আৰু দুখ থাকে। সুখত হাঁহি আৰু দুখত কান্দোনৰ ৰোল।এই জীৱনতে চিত্ৰকৰে ছবি অঁকাৰ দৰে সুখ - দুখৰ কতযে ছবি আঁকে।জীৱনত কেতিয়াবা সুখক আৰু কেতিয়াবা দুখক আকোঁৱালি ল'ব লাগে। সেয়েহে কওঁ জীৱন মায়াময় ।এটা কথা আমাৰ সকলোৰে জ্ঞাত যে, যি ব্যক্তিয়ে জীৱনটো কেৱল সুখতে অতিবাহিত কৰে তেওঁলোকে কেতিয়াও জীৱনৰ আচল অৰ্থ কি বুজি নাপায়।কবিৰ ভাষাৰে কৈছে- “ আনৰ দুখত দুখী হ'ব পাৰিলেহে সুখ অনুভৱ কৰিব পাৰি । পৃথিৱীলৈ ভগৱানে মানৱ জীৱন দান কৰি পঠিয়াইছে যেতিয়া অন্ততঃ কিবা এটা কৰি থৈ যোৱাৰ চেষ্টা কৰিব লাগে। তাতেই থাকে জীৱনৰ প্ৰকৃত সফলতা।
           এই বিশ্বত মানুহ হৈছে ক্ষুদ্ৰ প্ৰাণী। সেয়েহে জীৱনত কিবা এটা কৰাৰ প্ৰবল ইচ্ছা থাকিব লাগে।জীৱনত ঘাত- প্ৰতিঘাত এটাৰ পিছত এটাকৈ আহি থাকিব। সেইবোৰৰ পৰা আঁতৰি নগৈ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। আমি কেতিয়াও জীৱনটোক সহজ বুলি গণ্য কৰিব নালাগে। জীৱনটো বৰ জটিল।ধুমুহাই যিদৰে যিকোনো মূহুৰ্ততে গতি সলনি কৰে জীৱনেও গতি সলনি কৰে অন্য দিশলৈ। মাথোঁ জীৱনৰ বাটত থমকি নৰৈ অব্যাহত ৰাখিব লাগে গতি। পানীৰ বল বাৰিষাহে উপলব্ধি কৰিব পাৰে।ঠিক তেনেকৈ জীৱনটোক যিলোকে সুখেৰে অতিবাহিত কৰে তেওঁলোকেহে জীৱনৰ মহত্ব উপলব্ধি কৰিব পাৰে। মানুহৰ জীৱনত সকলোৰে আশা থাকিব লাগে আৰু সেই আশাবোৰ সোণালী ৰঙেৰে ৰঙীন কৰিবলৈ চেষ্টা কৰি জীৱনত সফলতাৰে আগুৱাই যাব লাগে।

✍🏻 দিপশিখা ৰাজকোঁৱৰ
দ্বাদশ শ্ৰেণী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)