মই হেনো কবিতা নিলিখোঁ
প্ৰেম লিখোঁ প্ৰেম ।
হেৰৌ শুনক,
আচলতে মই প্ৰেম নিলিখোঁ
মাথোঁ ভালপোৱা আঁকো হৃদয়ে হৃদয়ে
সংগোপনতা ৰক্ষা কৰি...!
আৰু শুনক
কবিও নহয় মই
মাথোঁ প্ৰেমিক শব্দবোৰৰ।
সেয়ে ছাগে যেতিয়া অনুভৱবোৰক
শব্দ লৈ সজাওঁ ই হৈ পৰে প্ৰেমৰ শ্লোগান
আৰু এই শ্লোগানেই ছাগে
মোক প্ৰেমৰ কবিৰূপে
পাঠকৰ কাঠগড়াত থিয় কৰায়...।
✍️ অপূৰ্ব শৰ্মা, দৰং