দেউতাকলৈ ভয় কৰা পুতেকে কলম কিনিবলৈ মাকক পইচা বিচাৰিলে।স্কুল খুলিব হেনো,কলম নাই কিনিব।স্কুলত ইতিমধ্যে পঢ়োৱালেই। মাক-বাপেকৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল।ল'ৰাজনৰ লাগতিয়ালবোৰ বিচাৰিলেও যোগান দিব নোৱাৰে।তেনেস্থলত পুতেকে দহ টকা বিচৰাতো যেন মাকৰ গাত বজ্ৰপাত পৰাৰ দৰে হ'ল।মাকে মানাও কৰিব পৰা নাছিল আৰু দিবও পৰা নাছিল।পুতেকৰ মনতো একেবাৰে সেমেকি গৈছিল,মাকৰ কাষৰ পৰা আঁতৰি বাপেকে শিলিখা গছৰ কাঠেৰে বনাই দিয়া ক্ৰিকেট বেটখন লৈ খেলিবলৈ গৈছিল।।
✍️উৎপল মৰাং ,দেৰগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ