হয়তো তেতিয়া জীৱনৰ
সেন্দুৰীয়া বাটত
এটিৰ পিছত আন এটিকৈ
খেদি ফুৰা ঘাত প্ৰতিঘাত আঁতৰাই
প্ৰতিটো যাত্ৰা পথৰ খোজত
ফুলিলহেঁতেন নৱ প্ৰভাতৰ
আলফুলীয়া হেঙুলীয়া ৰ'দ ।
জীৱনৰ বাটে-ঘাটে লগ পোৱা
আপোন বোৰেও চোন
কৰিছে নিষ্ঠুৰ আঘাত
আইনা ভঙা দি ভাঙিছে মোৰ
হৃদয়ৰ দাপোণ ।
সেয়েহে ভাবিছোঁ হৃদয়খন যদি
পাৰিলোহেঁতেন খুলি থ'ব
হয়তো তাতে সোণগুটি সিঁচি
সাজিলো হেঁতেন জীয়াই থকাৰ সোণালী আশাৰ ভঁৰাল ।
পিছে বানে গৰকা পথাৰৰ দৰে
মোৰ হৃদয় পথাৰত বিষাদৰ
কলীয়া ডাৱৰবোৰ পৰিবৰ্তিত হ'ল
হিম শীতল স্তুপাকৃতি লৈ ।
আঘাতৰ মেটমৰা বোজা কঢ়িয়াই
হৃদয়খন হৈ পৰে নিথৰ ,
বেদনাৰ উত্তাপেৰে আঘাতৰ স্তুপবোৰ
হয়তো এদিন গলিব
আৰু বৈ যাব পাৰে ভাঙি
হৃদয় খন ভাঙি ছিঙি
যেন টাইটানিকত খুন্দা মৰা
সেই নিস্প্ৰাণ বৰফৰ শিলাখণ্ড সদৃশ ।
সেয়েহে ভাবিছোঁ থাকক বাৰু
জীৱনৰ আলমাৰিত হৃদয়খন
ক'ৰবাত থলে হয়তো লাগিব পাৰে
বিনিময়ৰ শকত প্ৰতিদান ।
✍️ নিজৰা বৰ্মন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ