চিতাৰ ক্ষণ - বিদ্যুৎ গগৈ

অসমীয়া সাহিত্যৰ চানেকি
0
মই যেতিয়া এই
মায়াৰ পৃথিৱী এৰি গুচি যাম
গভীৰ নিদ্ৰাত পৰি ৰ’ম 
এখনি বগা চাদৰৰ তলত
চাৰিওফালে হৈ পৰিব মাথোঁ 
নিৰাশাৰ ছায়া
চকুলো টুকিব মিতিৰ কুতুম্বই 
মোৰ নশ্বৰ দেহাৰ ওপৰত জাপি দিব
ডাঙৰ ডাঙৰ বৃক্ষ
সকলো চাৰ খাৰ হৈ যাব
এই মায়াৰ মাটিৰ লগত
কলিতেই মৰহি যাব সৰু সৰু সপোনবোৰ
মাথোঁ কিছু ব্যক্তিৰ  কথা মনত  ৰৈ যাব
মোৰ দুটিশাৰী কবিতা আৰু স্তৱকবোৰ
শেষ হৈ যাব মোৰ
সুখ দুখ মান অভিমান
বিষাদ ভৰা জীৱন 
এয়াই যে মোৰ জীৱনৰ অৱসান।।


       ✍️বিদ্যুৎ গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)