সকলোতে কেৱল দীঘলীয়া শাৰী।
যান্ত্রিকতা যুগৰ পৰিৱৰ্তনত
আধুনিকতাৰ পোছাকত
আমি যেন অজস্র দীঘলীয়া শাৰী।।
মহামাৰী ক'ৰনাই
চাৰ-খাৰ কৰিলে সমগ্ৰ বিশ্ব জুৰি
নিৰাশাৰ বেষ্টনি ভাঙি, মাথোঁ দীঘলীয়া শাৰী।
শত- শতাধিক জনগণৰ হাহাকাৰ
অনাকাংক্ষিত সময়ৰ পটভূমিত, আমি দীঘলীয়া শাৰী।।
কৰ'বালৈ যাবলৈ
যান - বাহনৰ অপেক্ষাত অসংখ্য মানুহৰ দীঘলীয়া শাৰী।
উপায়হীন আজি সকলোৱে সমগ্ৰ বিশ্বজুৰি
ঔষধৰ দোকানত দৰৱ কিনিবলৈ যাবলৈ
লানি নিচিগা অসংখ্য জনতাৰ মাথোঁ দীঘলীয়া শাৰী ।।
অক্সিজেনৰ অভাৱে
প্ৰাণ কাঢ়িছে শত জনৰ, জীৱনৰ সংসাৰখনি
অপেক্ষাত অন্ততঃ পাই মৃতদেহ মাথোঁ দীঘলীয়া শাৰী।
শ্মশানলৈ মৃতদেহ সৎকাৰ কৰিবলৈওঁ যে অপেক্ষাত আজি
শত শতাধিক জনগণৰ মুক্ত আকাশৰ তলত দীঘলীয়া শাৰী ।।
জীৱন নিৰ্বাহৰ বাবে
চৰকাৰী ৰেচনৰ দোকানৰ সন্মুখত
আশাত অসংখ্য দৰিদ্ৰ জনতাৰ দীঘলীয়া শাৰী।
প্ৰত্যক্ষ কৰিছোঁ সময়ৰ আহ্বানত
সকলোতে জনতাৰ ভয়াৱহতাৰ এক দীঘলীয়া শাৰী।।
মহামাৰী আতংকৰ, প্ৰাণৰ বাবে
হাস্পতাল, কভিশ্বিল্ডত ভেকচিন ল’বলৈ
হাজাৰ জন ব্যক্তিৰ মাথোঁ কেৱল দীঘলীয়া শাৰী।
তাতো যে, কত অতপালি সাত-আঠ ঘণ্টা অপেক্ষা কৰোঁ
নাই ডাক্তৰ, নাই ভেকচিন, অক্সিজেন,নাই অত্যাধুনিক টেকন'লজী
সুৰক্ষিত হোৱাৰ আশাৰে অপেক্ষাত মাথোঁ দীঘলীয়া শাৰী।।
জীৱন অতিবাহিত কৰাৰ সপোন আজি ভাঙি চূৰ্ণ বিচূৰ্ণ
কেৱল মাথোঁ জনতাৰ সকলোতে অজস্ৰ দীঘলীয়া শাৰী।।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ