মানৱ জীৱন খন্তেকীয়া-জুলহাছ আলী আহমেদ

এই খন্তেকীয়া জীৱনত মানুহে কত যে কি নকৰে। সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মনুষ্যৰ সৃজন হৈছিল কেৱল সৃষ্টিৰ কল্যাণাৰ্থে কিন্তু সেই কথা পাহৰি এতিয়া মনুষ্যই সৃষ্টিৰ অনিষ্ট সাধনত নামি পৰিছে। স্ৰষ্টাই জীৱকুলক সৃষ্টি কৰি মানৱ জাতিটোক জীৱশ্ৰেষ্ঠ উপাধিৰে সন্মানিত কৰাৰ মূলতে হৈছে অন্যান্য গুণৰ অধিকাৰী মানৱ জাতিৰ মাজত আছে শৃংখলাবদ্ধতা , অনুশাসন ব্যৱস্থা , দয়া-প্ৰেম , মানৱতা , মূল্যবোধ , উদাৰতা , বিবেক-বুদ্ধি তথা ধৈর্য্য ধাৰণ ক্ষমতা। একমাত্র মানুহেই সক্ষম ভাল-বেয়া , ন্যায়-অন্যায় , উচ্চ-নীচ আদিৰ বিচাৰ-বিবেচনা কৰিবলৈ । মানুহক সৃষ্টি কৰি বিধাতাই ঘোষণা কৰিছিল , 'তোমালোকক সৃষ্টি কৰা হৈছে মানুহৰ কল্যাণ সাধিবলৈ'। তেওঁ (ঈশ্বৰ)এ মানৱ মণ্ডলীৰ উদ্দেশ্যে কৰি কৈছে যে , “তোমালোকৰ মাজত এনেকুৱা এটা দল থকা উচিত যিটো দলে মানুহক সৎ কামৰ বাবে উৎসাহিত কৰিব আৰু অসৎ কাম নকৰিবলৈ আহ্বান জনাব। ” সৃষ্টিকৰ্তাৰ এই গুৰুত্বপূৰ্ণ ঘোষণাক যেন অসমৰ সুযোগ্য সন্তান ড° ভূপেন হাজৰিকাই নিজৰ গানৰ ভাষাৰে আওৰাই গৈছিল , 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে'। এনেকুৱা সৎ তথা মহৎ উদ্দেশ্য আগত ৰাখি পৰম কৰুণাময় পৰমেশ্বৰে মানৱজাতিক সৃষ্টি কৰিছিল যাতে মানুহে ক্ৰোধ , লোভ , মোহ আদি পৰিত্যাগ কৰি নিজৰ ঈশ্বৰ প্ৰদত্ত বিবেক-বুদ্ধি , আচাৰ-ব্যৱহাৰ তথা প্ৰেম-ভালপোৱাৰ দ্বাৰা এখন সুন্দৰ , সুশৃংখল , শান্তিপূৰ্ণ , প্ৰগতিশীল মানৱ সমাজ গঠনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিব পাৰে । কিন্তু ক'তা ? আজি মানুহেই দেখোন মানুহৰ কাল হৈ থিয় দিছে। চুৰি , ডকাইতি , ঠগ-প্ৰৱঞ্চনা , অপহৰণ , ধৰ্ষণ , হত্যাকে আদি কৰি এনেকুৱা কোনো পাপ (অপৰাধ) নাই যিটো মানুহে কৰা নাই বা নকৰে। হিংসা , নিন্দা , ঘৃণা , বিদ্বেষ , শত্ৰুতা , বৈষম্য , অসহিষ্ণুতা , জাতিভেদ আদি মানুহৰ স্বভাৱজাত প্ৰবৃত্তিত পৰিণত হৈছে । খন্তেকীয়া জীৱনৰ মায়াজালত পৰি মানুহে পাহৰি গৈছে মনুষ্যত্ব । নীতি আদৰ্শহীন মনুষ্যই পাহৰি গৈছে নৈতিকতা ও মূল্যবোধ। যি দুই এজনে ধৰ্ম , শাস্ত্ৰীয় তথা ভাল কাম কৰে তাতো নাই একাগ্ৰতা , আন্তৰিকতা তথা ভক্তিভাৱ। এতেকে প্ৰশ্নৰ অৱতাৰণা হোৱাটোৱেই স্বাভাৱিক যে , এয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহৰ আচল চৰিত্ৰ ? এয়াই হোৱা উচিত আছিল নেকি মানুহৰ জীৱনত ?

✍🏻জুলহাছ আলী আহমেদ
     জাগীৰোড

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send