এপিয়লা চাহ-কিশোৰ কুমাৰ নাথ

তেতিয়া সময় পাঁচ বাজি পঞ্চল্লিশ মিনিট ।
ঘড়ীৰ উজাগৰী সংকেটোৱে যেতিয়া 
মোৰ শৰীৰক জাগৰিত কৰাত ব্যস্ত হয় ,
তেতিয়া মনটোৱে বিচাৰে ,
সপোনৰ দিকচৌ বাটত 
আকৌ এবাৰ ঘূৰি অহাটো । 
বাহিৰত মেঘাচন্ন আকাশ 
সূৰ্যটোৱেও মুঠেই মন কৰা নাই ,
এজাক অকৃত্ৰিম নতুন কিৰণেৰে 
দিগন্ত আৱৰিবলৈ।
চিপ‍্ চিপ্ বৰষুণ জাকৰ বাবেই 
শৰীৰটোৱে অনুভৱ কৰিছিল 
কোনোবা সুউচ্চ শৃংগ আৰোহণ কৰাৰ পিছত
 লাভ কৰা পৰিশ্ৰান্তৰ l
 ঘড়ীৰ উজাগৰী সংকেত , আৰু ,
নিদ্ৰাকুল মনৰ মাজত তুমুল সংঘৰ্ষ। 
কুৰুক্ষেত্ৰ হৈ থিয় দিছিল 
ভৱিষ্যৎ, চিন্তা, সপোন আৰু তাৰমাজত হতাশাই ।
নিদ্ৰাই হাৰ মানিছিল সময়ৰ চক্ৰান্তত। 
গুচি গৈছিল বহু দূৰলৈ,
দিনটোলৈ পুনৰ নহাৰ প্ৰতিশ্ৰুতি দি ।
নিদ্ৰোত্থিত হৈ বাহিৰত  বহি পৰিছিলোঁ ,
কিজানিবা এই সুন্দৰ পুৱাই অনুভৱ কৰায়ে 
চিৰযুগমীয়া প্ৰেমৰ !
 হঠাৎ দেখিছিলোঁ , 
এলাহৰ বান্ধোন ছিঙি ,
বৰষুণৰ মাজেৰে ৰাস্তা ফালি ,
ভঙা চাইকেল খন কোবাই কোবাই 
উপস্থিত হোৱা হ'কাৰজন 
কাকত খন গৰাকীক গতাই  
গুচি গৈছিল গন্তব্য স্থানৰ দিশে। 
ঠিক সেই ক্ষণতেই কাণত বাজি উঠিছিল ,
দুটি কাপৰ মিলনৰ ফলত 
নিগৰি ওলোৱা 
চিনাকি সুৰটো ।
হাতত তুলি লৈছিলোঁ ,
নতুন প্ৰভাতৰ প্ৰমাণ স্বৰূপ 
"এপিয়লা চাহ " ll


  ✍️কিশোৰ কুমাৰ নাথ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send