এশ এবুৰি চিন্তা-মনীষা গগৈ

Unknown
0
মই তোমাকে সুধিছো কোৱা
তুমি কোন ? কিয় আহিলা পৃথিৱীলৈ?
কি কৰিবা পৃথিৱীত জীয়াই থাকি?
সমাজক তুমি কি দিলা ?
সমাজৰ পৰা তুমি কি পালা?
কোৱা তুমি আজি সকলোবোৰ।

তুমি ভাবিছা নেকি কেতিয়াবা 
মানুহবোৰ কিয় অমানুহ হ'ল
মানুহবোৰ কিয় পাষণ্ড হ'ল
মানুহবোৰ কিয় স্বাৰ্থপৰ হ'ল
কেতিয়াবা ভাবানে ?সাতামপুৰুষীয়া ঐক্য
ইতিহাস হৈ কিয় ৰল?
যদি কৰা নাই চিন্তা মই তোমাকে সুধিছো।

মৰীচিকা খেদি পথহাৰা বেদুইন বেশত
কি লাগে তোমাক কিয় দৌৰিছা
তেজৰ ফাকু খেলি মনবোৰ নিৰ্দয় কৰি
অত্যাচাৰীক বধিবলৈ নে নিৰ্দোষীক ......?
কিয় তুমি ইমান ব্যস্ত ?

মই দেখিছো চৌদিশে বাৰুদৰ ধোঁৱা
দেখিছো প্ৰতিবাদত কন্দুৱা গেছ
সৌ সিফালে মৃত মানৱৰ চিতা !
কাৰ অন্যায়ৰ বাবে ধৰ্না প্ৰতিবাদ
নতুন কথাৰ কোনোচোন আখৰা নাই
প্ৰতিপলে দেখিছো সেমেকা চকু
তোমাকে সুধি আছো কোৱা।

এই পৃথিৱীৰ সেউজী মাটিত
কেঁকাই আছে অকনমান সম্বল বিচাৰি
এমুঠি অন্ন অথবা একোটি পঁজা।
তোমাৰ জীৱনত সকলো আছে 
আৰু কিয় বিছাৰিছা ইমানকৈ কি কৰিবা?
ক'ৰবাত খুলি থোৱা তোমাৰ নিৰ্দয় হৃদয়
তোমাকে কৈছো এবাৰ ভাবা।

✍️মনীষা গগৈ
     অসম বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান                     বিশ্ববিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)